Demand of special package: যোৰহাটত অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত বিশেষ পেকেজ ঘোষণাৰ দাবী

By

Published : Dec 10, 2022, 2:09 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

১৫ ডিচেম্বৰত যোৰহাটত জিলাত পোন প্ৰথম বাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক(Himanta Biswa Sharma Government Cabinet Meeting) । উক্ত বৈঠকৰ বাবে জিলাখনৰ যিসমূহ অৰ্ধনিমিত তথা বিধ্বস্ত পথ আছে সেইসমূহ পুনৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ(Cabinet meeting in Jorhat on December 15) । মাথো কোনো ত্ৰুটি নৰখাকৈ সৰ্বাংগ সুন্দৰ ৰূপত সজাই পৰাই তোলা হৈছে যোৰহাট নগৰখন । আনহাতে প্ৰথমবাৰ বাবে যোৰহাটত কেৱিনেট বৈঠক অনুষ্ঠিত কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যোৰহাট জিলা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী বিজয় শংকৰ বৰদলৈয়ে(Demanded announcement of special package) । তেওঁ কয় যে কেৱিনেট বৈঠকত যোৰহাটত নেছনেল পৰ্যায়ৰ প্ৰতিষ্ঠান স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান জনায় । লগতে যোৰহাটৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিবলৈও আহ্বান জনায় ।

Last Updated : Feb 3, 2023, 8:35 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.