Bharat Jodo Yatra: দেশক বেয়া অৱস্থাৰ পৰা উলিয়াই আনিবলৈ চেষ্টা চলাইছে কংগ্ৰেছে: দেৱব্ৰত শইকীয়া

By

Published : Nov 10, 2022, 8:45 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

বৰপেটাত ভাৰত জোড়ো যাত্ৰা(Bharat Jodo Yatra)ত অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য(Debabrata Saikia participate Bharat Jodo Yatra) । শইকীয়াই কয় যে মানৱ সম্পদ উন্নয়ন সূচাংকত দেশ প্ৰতিদিনে তললৈ আহি আছে ৷ যোৱা ৭ বছৰত পাকিস্তান, নেপাল, বাংলাদেশতকৈও দেশৰ অৱস্থা বেয়া হৈ গৈছে বুলি অভিযোগ উত্থাপন কৰে বিৰোধী দলপতিগৰাকীয়ে(Debabrat Saikia slams BJP) । এই সকলোবোৰৰ কাৰণ দেশৰ শাসনৰ গাদীত থকা বিজেপি দলৰ ভুল নীতিৰ বাবে হৈছে বুলি মন্তব্য কৰে দেৱব্ৰত শইকীয়াই ৷ তেওঁ কয় যে ইয়াৰ পৰা দেশবাসীয়ে পৰিত্ৰাণ পাব লাগিব ৷ কংগ্ৰেছে যেনেকৈ দেশক স্বাধীনতা আনি দিছিল, ঠিক তেনেকৈ দেশক বেয়া অৱস্থাৰ পৰা উলিয়াই আনিবলৈ চেষ্টা চলাই থকা বুলি বিৰোধী দলপতিগৰাকীয়ে উল্লেখ কৰে(Congress Bharat Jodo Yatra in Assam) ৷ ইয়াৰ বাবে ৰাইজৰ সমৰ্থন বিচাৰি ভাৰত জোড়ো যাত্ৰা কৰি থকা হৈছে বুলি তেঁও মন্তব্য কৰে ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.