HC verdict on Garukhuti Eviction: গৰুখুঁটি উচ্ছেদক লৈ ন্যায়ালয়ৰ ৰায়দানত অসন্তুষ্ট দেৱব্ৰত শইকীয়া

By

Published : Jan 29, 2023, 7:21 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গুৱাহাটী, 29 জানুৱাৰী: ছিপাঝাৰৰ গৰুখুঁটিত কৃষি প্ৰকল্প স্থাপনৰ(Garukhuti agri firm) বাবে অসম চৰকাৰে 2022 চনত চলাইছিল উচ্ছেদ অভিযান(Garukhuti eveiction) ৷ চৰকাৰ তথা প্ৰশাসনে চলোৱা এই উচ্ছেদ অভিযান সন্দৰ্ভত কোৱা হৈছিল যে, যিসকল লোকে নিজকে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব পাৰে তেওঁলোকক পুনৰ সংস্থাপন প্ৰদান কৰা হ’ব ৷ চৰকাৰে চলোৱা এই উচ্ছেদ অভিযানক প্ৰত্যাহ্বান জনাই নাজিৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন(PIL against Garukhuti eviction) ৷  

সেই সন্দৰ্ভত চলিত মাহত শুনানি গ্ৰহণ কৰি ৰায় প্ৰদান কৰি দেৱব্ৰত শইকীয়াৰ(MLA Debabrata Saikia) আবেদনক খাৰিজ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে ৷ ইয়াৰ পিচতেই বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আবেদনকাৰী বিধায়ক দেৱব্ৰত শইকীয়াই ৷  

দেৱব্ৰত শইকীয়াই কয় যে, উচ্ছেদ সন্দৰ্ভত ন্যায়ালয়ত(Gauhati HC verdict on garukhuti eviction) যিদৰে বিচাৰ বিচৰা হৈছিল সেয়া এতিয়াও পোৱা নাই ৷ পূৰ্বে গৰুখুঁটিৰ পৰা 2150টা পৰিয়ালক উচ্ছেদ কৰা হ’ব বুলি ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ৰ পৰা জাননী প্ৰেৰণ কৰি উচ্ছেদিত সকলক ধলপুৰত পুনঃসংস্থাপন দিয়া হ’ব বুলি কোৱা হৈছিল ৷  

কিন্তু চৰকাৰী তথ্য মতে কেৱল কিয় 700 টা পৰিয়ালকহে উচ্ছেদ কৰা হ’ল বুলি কোৱা হৈছে সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত বুলিও উল্লেখ কৰে দেৱব্ৰত শইকীয়াই ৷ এই বিষয়ে অধিবক্তাৰে আলোচনা কৰা হ’ব বুলিও সংবাদমাধ্যমৰ আগত সদৰী কৰে বিধায়কগৰাকীয়ে ৷  

উল্লেখ্য যে, দেৱব্ৰত শইকীয়াৰ আবেদন খাৰিজ কৰি ন্যায়ালয়ে চৰকাৰী তথ্য অনুসৰি উচ্ছেদিত 700টা পৰিয়ালৰ ভিতৰত 600 পৰিয়ালক ইতিমধ্যেই পুনঃসংস্থাপন দিয়া হৈছিল বুলি উল্লেখ কৰে ৷ আনহাতে, বাকী আন 100 টা পৰিয়ালক পুনঃসংস্থাপন আৰু ক্ষতিপূৰণ প্ৰদানৰ বাবে দৰং জিলাৰ উপায়ুক্তৰ কাষ চাপিবলৈ আহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়য়ে ৷ লগতে দৰং জিলা উপায়ুক্তক সকলো নথি-পত্ৰ পৰীক্ষা কৰি সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ দিয়া ন্যায়ালয়ে ৷ 

কিন্তু ন্যায়ালয়ৰ এই ৰায়দানত সন্তুষ্ট হোৱা নাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ সেয়েহে পুনৰ অধিবক্তাৰে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে ৷ 

লগতে পঢ়ক: HC verdict on Garukhuti Eviction: গৰুখুঁটিৰ উচ্ছেদ: উচ্চ ন্যায়ালয়ত নৰজিল কংগ্ৰেছৰ আবেদন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.