Wild elephant electrocution: কলিয়াবৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু

By

Published : Nov 8, 2022, 2:13 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

নগাঁও জিলাৰ কলিয়াবৰত শোকাৱহ ঘটনা । তপাহোলাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটা বনৰীয়া হাতীৰ (Elephant Dies Of Electrocution in Kaliabor)। বিদ‍্যুৎ বিভাগৰ গাফিলতিৰ বাবেই হাতীটোৱে কৰুণ মৃত‍্যুক সাৱটি লোৱাৰ অভিযোগ তুলিছে ৰাইজে । ইফালে বন বিভগে বিদ‍্যুৎ বিভাগৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰো প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে অঞ্চলটোত বিদ‍্যুৎ পৰিবাহী তাঁৰ যথেষ্ট তলেৰে লৈ যোৱা হৈছে । যাৰ বাবে সেই তাঁৰত লাগি মঙলবাৰে হাতীটোৱে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে (Wild elephant electrocution)। বনৰীয়া হাতীটোৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে এতিয়া শোকৰ ছাঁ পেলাইছে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.