ডিফুত জননেতা খৰছিং তেৰাঙৰ ৬৯ সংখ্যক মৃত্যুবার্ষিকী পালন

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 7:10 PM IST

thumbnail

ডিফু, ২৮ নবেম্বৰ: কার্বি আংলং জিলা গঠনৰ অন্যতম কাণ্ডাৰী, সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ জিলাৰ প্রথমগৰাকী মুখ্য কার্যবাহী সদস্য, কাৰ্বি আংলঙৰ প্রাণ প্রতিষ্ঠাপক, জননেতা খৰছিং তেৰাঙৰ ৬৯ সংখ্যক স্মৃতি দিৱসত নেতাগৰাকীক আজি সশ্রদ্ধ স্মৰণ কৰা হয় । কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে মঙলবাৰে পুৱাই পুৰণা খৰছিং তেৰাং স্মৃতি উদ্যানত প্রয়াত নেতাগৰাকীলৈ শ্রদ্ধা জ্ঞাপন কৰা হয় । উদ্যানখনত থকা নেতাগৰাকীৰ প্রতিমূর্তিত কার্বি আংলং স্বায়ত্তশাসিত পবিষদৰ অধ্যক্ষ ৰাজু তিচ'ৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকী ইএম, এমএচি, সচিব আৰু বিষয়া কৰ্মী সকলে মাল্যাৰ্পণ কৰে ।

নতুন খৰছিং তেৰাং স্মৃতি উদ্যানত প্রয়াত নেতাগৰাকীক স্মৰণ কৰি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানটোত বিধায়ক বিদ্যাছিং ইংলেঙৰ উপস্থিতিত সর্বধর্ম প্রার্থনাত গীতা,বাইবেল,কীর্তন, লখিমন প্রার্থনা,গুৰু গ্রন্থচাহিব, কোৰাণ আদি পাঠ কৰা হয় । অনুষ্ঠানটোত কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কেইবাগবাকী কার্যবাহী সদস্য আৰু পৰিষদীয় সদস্য উপস্থিত থাকে । উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি কাৰ্বি আংলঙৰ জননেতাগৰাকীৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷

লগতে পঢ়ক:ৰাজ্যপালৰ আশ্বাসৰ পাছতে পঞ্চকুলাত কৃষকৰ ৩ দিনীয়া প্ৰতিবাদৰ সমাপ্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.