বকোত বনৰীয়া হাতীৰ পোৱালিৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 2:29 PM IST

thumbnail

বকো, 5 জানুৱাৰী : কামৰূপ জিলাৰ বকোৰ হাহিম নোৱাপাৰাত পোৱালী হাতীৰ মৃত্যু হৈছে । নোৱাপাৰাৰ পাহাৰৰ সমীপৰ পথাৰত উদ্ধাৰ মৃত হাতী পোৱালীটো । মৃত হাতী পোৱালীটো  8/9 মাহৰ হ’ব বুলি স্থানীয় লোকে আশংকা কৰিছে । অৱশ্যে এতিয়ালৈ মৃত্যুৰ কাৰণ জানিব পৰা নাই । ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে বন বিভাগৰ লোক। মৃত পোৱালী হাতীটোৰ মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বন বিভাগে।

উল্লেখ্য যে, অসম-মেঘালয় সীমান্তৱৰ্তী বকোৰ হাহিম অঞ্চলত বিগত বহু বছৰৰ পৰাই বনৰীয়া হাতীৰ জাকে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে । হাতীৰ উপদ্ৰৱত হাহিম অঞ্চলত বহু লোকে প্ৰাণ হেৰুৱাৰ লগতে আহত হৈছে ৷ ইয়াৰ সমান্তৰালকৈ হাতী-মানুহৰ সংঘাতকে ধৰি বিভিন্ন কাৰণত বনৰীয়া হাতীৰো মৃত্যু হৈছে।

হাতী পোৱালীটোৰ মৃত্যুৰ পাচতেই হাহিম অঞ্চলৰ ৰাইজে আহি ফুল, তুলসী, ধূপ, চাকি, ধূনা আদি জ্বলাই গামোচা দি অন্তিম সংস্কাৰ কৰে ৷

লগতে পঢ়ক:'কা’ৰ বিৰুদ্ধে পুনৰ আন্দোলন হ’ব, এতিয়াও আশাবাদী ড° হীৰেন গোঁহাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.