যুৱকৰ ৰহস্যজনক মৃত্যু, মূৰত আঘাতৰ চিন স্পষ্ট

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 3:14 PM IST

thumbnail

শিলচৰ, 11 জানুৱাৰী : কাছাৰৰ গুমৰাত যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ বৃহস্পতিবাৰে গুমৰাৰ খেলমা প্ৰথম খণ্ডত ৰাজপথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো  ৷ উদ্ধাৰ হোৱা মৃতদেহটো কালাইন কলেজ ৰোডৰ ৰছেন্ড বৈষ্ণৱ ( 26) ৰ বুলি জানিব পৰা গৈছে  ৷ মৃতদেহটোৰ কাষতে এখন স্কুটী উদ্ধাৰ কৰা হৈছে  ৷ স্থানীয় লোকে যুৱকজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ মৃতদেহৰ কাষত উদ্ধাৰ কৰা স্কুটীখনৰ নম্বৰ AS 11 Q2250 ৷

এই ঘটনাৰ পিচতে এনেদৰে মৃতদেহটো উদ্ধাৰক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ মৃতদেহটোৰ মূৰত যথেষ্ট আঘাতৰ চিন পোৱা গৈছে ৷ অনুমান কৰা হৈছে কোনো দুৰ্বৃত্তই যুৱকজনক হত্যা কৰি পেলাই থৈ গৈছে ৷

লগতে পঢ়ক: কৰিমগঞ্জত ছাত্ৰীবাসৰ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.