Dead body recovered: ৰুক্মীণীগাঁৱত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 1:34 PM IST

thumbnail

গুৱাহাটী, ১৮ অক্টোবৰ: মহানগৰীৰ ৰুক্মিণীগাঁৱত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । ৰুক্মিণীগাঁৱৰ পুলিচ পইণ্টৰ সমীপত থকা এপাৰ্টমেণ্টটোত কেয়াৰ টেকাৰ হিচাপে কৰ্মৰত হৈ আছিল যুৱকজন। মৃত যুৱকজনৰ নাম জ্যোতিষ তালুকদাৰ বুলি জানিব পৰা গৈছে । এপাৰ্টমেন্টটোত থকা নলাত পৰি আছিল যুৱকজনৰ মৃতদেহটো। 

বুধবাৰে পুৱা প্ৰথমে এপাৰ্টমেন্টটোৰ আৱাসীয়ে যুৱকজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰি দিছপুৰ আৰক্ষীক খবৰ দিয়ে ৷ খবৰ দিয়াৰ পিচতে ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে। ইফালে মৃত যুৱকগৰাকীৰ মৃত্যুক স্বাভাৱিক মৃত্যু বুলি মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে ৷ 

পৰিয়ালৰ লোকে কোৱা অনুসৰি কোনো ধৰৰণৰ মাদক দ্ৰব্য সেৱন নকৰে যুৱকজনে ৷ অৱশ্যে এতিয়াও যুৱকজনৰ মৃত্যুৰ কাৰণ স্পষ্ট হোৱা নাই ৷ আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ ৰহস্য।

লগতে পঢ়ক: Drugs Peddler arrested: ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.