Drugs Peddler arrested: ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 10:42 AM IST

thumbnail

সৰুপথাৰ, 18 অক্টোবৰ: গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানৰ নাওঘাত চাৰি আলিত বুধবাৰে বুজন পৰিমাণৰ ড্ৰাগছসহ দুজন লোকক গ্ৰেপ্তাৰ কৰা হয় ৷ গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা) জন দাসৰ নেতৃত্বত সৰুপথাৰ ,নাওজান আৰু চুঙাজান থানাৰ আৰক্ষীৰ আৰু 155 নং CRPF ৰ এটা বৃহৎ দলে জব্দ কৰে ড্ৰাগছখিনি ৷ আটকাধীন লোক দুজন তিকো বৰা আৰু অনিমা গগৈ বুলি জানিব পৰা গৈছে ৷ দুয়োৰে ঘৰ গোলাঘাটৰ ৰঙাজানত বুলি জানিব পৰা গৈছে। 

ধৃত দুয়োজনে 15 টা চাবোনৰ বাকচত লুকুৱাই আনিছিল ড্ৰাগছখিনি  ৷ জব্দ হোৱা ড্ৰাগছ খিনিৰ পৰিমাণ প্ৰায় 173.60 গ্ৰাম বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে  ৷ জব্দকৃত ড্ৰাগছখিনিৰ মূল্য আনুমানিক প্ৰায় 70 লাখ টকা ৷ AS05 J0122 নম্বৰৰ এখন স্কুটীৰে ডিমাপুৰৰ পৰা ফটু বস্তি হৈ সৰবৰাহ কৰিবলৈ আনিছিল ড্ৰাগছখিনি ৷ আৰক্ষীয়ে সৰবৰহকাৰী দুজনক তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Drugs Paddler Detained: মহানগৰীৰ ছয়মাইলত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.