Dead body recovered: বাৰপুজীয়াত যুৱকৰ মৃতদেহ উদ্ধাৰ

By

Published : Jan 26, 2023, 3:17 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি উলহে মালহেৰে 74 তম গণৰাজ্য দিৱস উদযাপন কৰা হৈছে (74th Republic Day 2023) ৷ গণৰাজ্য দিৱসৰ উছাহৰ মাজতে ৰহাৰ বাৰপুজীয়াত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় (Dead body recovered at Barapujia)৷ বাৰপুজীয়াৰ বাকৰিগাঁৱৰ সমীপৰ এটা পুখুৰীৰ পাৰত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো ৷ স্থানীয় লোকে বৃহস্পতিবাৰে পুৱাই মৃতদেহটো দেখি ৰহা আৰক্ষীক (Raha Police) ততালিকে খবৰ দিয়ে ৷  

খবৰ পোৱাৰ মাত্ৰকে ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে (Raha police recovered body) ৷ আৰক্ষীয়ে মৃতদেহটো প্ৰথমে চিনাক্ত কৰিব পৰা নাছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত মৃত যুৱকজনৰ পৰা এটা মোবাইল ফোন উদ্ধাৰ কৰে ৷ মোবাইলটোৰ জৰিয়তে আৰক্ষীয়ে মৰিগাঁৱৰ চৰাইবাহীৰ ভোমোৰাগুৰিৰ তোষেশ্বৰ ডেকা বুলি চিনাক্ত কৰে ৷

মৃতদেহৰ পৰা কিছু নিলগৰ পথাৰত এখন চাইকেলো উদ্ধাৰ কৰে আৰক্ষীয়ে (Cycle recovered with dead body) ৷ পৰিয়ালৰ লোকে জনোৱা মতে বুধবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন (Youth Missing at Barapujia)।

পিতৃয়ে কয়- "বুধবাৰে সন্ধিয়া প্ৰায় 6 বজালৈ যুৱকজন ঘৰতে আছিল ৷ প্ৰতিদিনাৰ দৰে গৰু গাইও আনিলে সি ৷ কিন্তু তাৰ পিছৰে পৰা প্ৰায় 6.30 বজাৰ পৰা সি ঘৰত নাছিল ৷ ওৰে নিশা সি ঘৰলৈ অহা নাছিল ৷ এতিয়া আমি গম পাইছো তাৰ এনেকৈ মৃত্যু হৈ পৰি আছে ৷"

কিন্তু কি পৰিস্থিতিত কেনেকৈ যুৱকজনৰ মৃত্যু হ'ল সেয়া অদ্যপি পোহৰলৈ অহা নাই । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ মৰোণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে আশা প্ৰকাশ কৰিছে ৷  উল্লেখ্য যে ৰাজ্যত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যজুৰি কোনো কুটাঘাতমূলক কাৰ্য সংঘটিত হ’ব নোৱাৰাকৈ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ৷ 

লগতে পঢ়ক : Elephant death in Jorhat: মৰিয়নিত পুনৰ ৰে'লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.