Transportation problems in Narayanpur : পকী দলং হঠাতে বহি যোৱাত সমস্যাত নাৰায়ণপুৰবাসী

By

Published : Apr 2, 2023, 2:23 PM IST

thumbnail

বিহপুৰীয়া, 2 এপ্ৰিল : লখিমপুৰ জিলাৰ নাৰায়ণপুৰত হঠাতে বহি গ'ল এখন পকী দলং । নাৰায়ণপুৰৰ চামগুৰি আৰু বিলতীয়া গাঁও দুখনক সংযোগ কৰা মৰিডিক্ৰং নদীৰ ওপৰত থকা পকী দলঙখন সোঁমাজতে প্ৰকাণ্ড ফাট মেলি হঠাতে বহি যায় । ফলত দলঙখনেৰে বিঘ্নিত হৈ পৰিছে যাতায়ত সেৱা । ইয়াকে লৈ গভীৰ চিন্তাত পৰিছে স্থানীয় ৰাইজ (Cracks in concrete bridges in Narayanpur) । 

উল্লেখ্য যে, দুয়োখন গাঁৱৰ মাজত আছে মাত্ৰ এখন প্ৰাথমিক বিদ্যালয় । ১৯৫৪ চনতে স্থাপিত হোৱা ৬২৯ নং বড়িগাঁও-চামগুৰি প্ৰাথমিক বিদ্যালয়খনলৈ এইখন দলঙৰেই অহা যোৱা কৰে অঞ্চলটোৰ কণ কণ শিক্ষাৰ্থীসকলে । যিহেতু ইতিমধ্যে আৰম্ভ হৈছে বিদ্যালয়সমূহৰ চলিত বৰ্ষৰ পাঠদান । গতিকে, এইখন দলঙেৰে নদী পাৰ হৈ কণ কণ শিক্ষাৰ্থীসকলে বিদ্যালয়খনলৈ যোৱাটোৱেই এতিয়া ভীষণ সমস্যা হিচাপে পৰিগণিত হৈছে  স্থানীয় ৰাইজৰ মাজত ( Transportation problems in Narayanpur) । 

বাৰিষা ফেনেফোটোকাৰে বাঢ়ি অহা নদীখনৰ ওপৰত থকা দলঙখনৰ এনে অৱস্থা হোৱাত হাহাকাৰ লগা পৰিলক্ষিত হৈছে অঞ্চলটোৰ ৰাইজৰ মাজত ।দলংখন মেৰামতিৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ-প্ৰশাসনৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Pranjal Moran case update : প্ৰাঞ্জল মৰাণৰ ঘটনা সন্দৰ্ভত দুই কয়লা চোৰ আৰক্ষীৰ জিম্মাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.