Cow smuggling: গুটিপাৰা গাদুৰহাট অঞ্চলত চোৰাং গৰু ভৰ্তি বলেৰ’ বাহন জব্দ

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 6:47 PM IST

thumbnail

বিলাসীপাৰা, 22 আগষ্ট: অসম চৰকাৰৰ গো সুৰক্ষা আইন ধোঁৱা চাঙত ৷ ৰাজ্য চৰকাৰে চোৰাংকৈ গৰুৰ বেহা বন্ধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও ৰাজ্যত এতিয়াও অব্যাহত আছে গৰুৰ চোৰাং বেহা ৷ বিলাসীপাৰাত আৰক্ষীৰ অভিযানত গুটিপাৰা গাদুৰহাট অঞ্চলত পাঁচটা চোৰাংকৈ কঢ়িয়াই অনা গৰুভৰ্তি বলেৰ’ জব্দ কৰে আৰক্ষীয়ে ।

বিলাসীপাৰাত চোৰাংকৈ গৰুৰ ৰমৰমীয়া বেহা অব্যাহত আছে । আৰক্ষীৰ চকুত ধূলি দি নিতৌ ন ন কৌশলেৰে ভিতৰুৱা চৰ অঞ্চলেদি একাংশ চোৰাং গো মাফিয়াই চলাই গৈছে গৰুৰ চোৰাং বেহা । বুধবাৰে তেনে এক গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে নায়েৰ আলগা আৰক্ষীয়ে চলাই এক অভিযান । অভিযানত গুটিপাৰা গাদুৰহাট অঞ্চলৰ পৰা আৰক্ষীয়ে বলেৰ’ মেক্স পিক-আপ ভানসহ পাঁচটা পশুধন জব্দ কৰিবলৈ সক্ষম হয় ।

জব্দকৃত বলেৰ’ মেক্স পিক-আপ বাহনখনৰ নম্বৰ AS 16 AC 4818 । কিন্তু ৰহস্যজনকভাৱে এটাও গৰু সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । সম্প্ৰতি জব্দকৃত পশুধনসহ বাহনখন বিলাসীপাৰা থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Cattle syndicate in Majuli : গোগামুখ-মাজুলী হৈ লখিমপুৰলৈ গৰুৰ চোৰাং ব্যৱসায়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.