Assam Covid update: দেশত পুনৰ ক'ভিডৰ দ্ৰুত সম্প্ৰসাৰণক লৈ স্বাস্থ্যমন্ত্ৰীৰ বৈঠক

By

Published : Apr 8, 2023, 7:17 AM IST

Updated : Apr 8, 2023, 8:21 AM IST

thumbnail

ডিব্ৰুগড়, 8 এপ্ৰিল : পুনৰ দেশত গা কৰি উঠিছে ক’ভিড 19য়ে ৷ দেশত ক’ভিড-১৯ ৰ ঘটনা ক্ৰমান্বয়ে পুনৰ বৃদ্ধি পোৱাৰ লগে লগে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ ভাৰ্চুৱেল বৈঠকত মিলিত হয় । বৈঠকত দেশৰ বহু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰি নিজ নিজ ৰাজ্যৰ ক’ভিড সংক্ৰমণৰ পৰিস্থিতি সম্পর্কে কেন্দ্রক অৱগত কৰে । ইয়াৰ পাচতে কেন্দ্রই প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিব বুলি অৱগত কৰে (India covid news)। 

ভাৰ্চুৱেল বৈঠকত অসমৰ হৈ মিলিত হোৱা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই বৈঠকৰ পাচতে জানিবলৈ দিয়ে সবিশেষ । অৱশ্যে অসম এতিয়া প্ৰায় ক’ভিড মুক্ত বুলিয়েই ক'লে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশ্ৰান্ত অতিথি শালাৰ কনফাৰেঞ্চ হলত দেশৰ স্বাস্থ্যমন্ত্রীৰে হোৱা এই গুৰুত্বপূৰ্ণ ভাৰ্চুৱেল বৈঠকত অসমৰ হৈ অংশগ্রহণ কৰি মন্ত্রী কেশৱ মহন্তই কয় যে অসমত তেনে পৰিস্থিতি নাই যদিও কেন্দ্রই আগতীয়া সজাগতাৰে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে (Covid new cases) ।

লগতে পঢ়ক : MP Pabitra Margherita in Dhuburi: হৰিজন সমাজৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ

Last Updated : Apr 8, 2023, 8:21 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.