Mock drill on COVID 19 : তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ক’ভিড ১৯ৰ ম’ক ড্ৰিল সম্পন্ন

By

Published : Dec 27, 2022, 4:03 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

সমগ্ৰ দেশতে Covid ৰ বাবে প্ৰস্তুতিৰ মূল্যায়নৰ প্ৰয়াস চলাবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে সমগ্ৰ দেশৰ কেইবাখনো চিকিৎসালয়ত ম’ক ড্ৰিল অনুষ্ঠিত কৰিছে (Mock drill on covid preparedness) । দেশৰ লগতে অসমৰো বহুকেইখন চিকিৎসালয়ত অনুষ্ঠিত হৈছে ম’ক ড্ৰিল (Covid 19 mock drills across India) ৷ আজি তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত সম্পন্ন হৈছে ম’ক ড্ৰিল (COVID 19 Mock drill at Tinsukia) ৷ এম্বুলেঞ্চত ৰোগী চিকিৎসালয়লৈ কঢ়িয়াই অনাৰ পৰা আৰম্ভ কৰি অক্সিজেন মাক্স লগাই চিকিৎসা প্ৰদান কৰালৈকে ম’ক ড্ৰিলত সকলো উপস্থাপন কৰে ৷ ম’ক ড্ৰিল কাৰ্যসূচীত জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ উপস্থিতি থাকে ৷ লগতে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কয় যে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ১০০ খন অক্সিজেনযুক্ত বিচনাত চিকিৎসাৰ বাবে সকলো চিকিৎসাকৰ্মী সাজু কৰি ৰখা হৈছে ৷ লগতে সকলোকে পুনৰ পূৰ্বৰ দৰেই ক’ভিডৰ নিয়মাৱলীসমূহ পালন কৰি সকলোকে সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনায় ৷

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.