Sri Raghupat film controversy: ‘শ্ৰী ৰঘুপতি’ৰ মুক্তি বিতৰ্কক লৈ কি ক’লে প্ৰযোজক আৰু ৰবি শৰ্মাই ?

By

Published : Jun 1, 2023, 9:57 PM IST

Updated : Jun 1, 2023, 10:38 PM IST

thumbnail

গুৱাহাটী, 1 জুন: জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ বহু চৰ্চিত ছবি ‘শ্ৰী ৰঘুপতি’ মুক্তিৰ পূৰ্বেই সোমাই পৰিছে আইনী বিবাদত ৷ কাইলৈ অৰ্থাৎ শুকুৰবাৰে মুক্তি পোৱাৰ কথা আছিল ছবিখন ৷ ছবিখনৰ মুক্তিক লৈ কামৰূপ জিলাৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশৰ আদালতে বাধা প্ৰদান কৰাৰ পাচতেই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰযোজন শৈলেন কুমাৰ শৰ্মা, ৰবি শৰ্মা আৰু কণ্ঠশিল্পী জুবিন গাৰ্গে (Sri Raghupati release stay order) ৷

প্ৰযোজন শৈলেন কুমাৰ শৰ্মাই কয়, ‘‘ছবিখনৰ চেন্সৰ বৰ্ডৰ প্ৰমাণ পত্ৰ মোৰ নামত আছে, গতিকে এই ক্ষেত্ৰত ময়ূৰশ্ৰী শৰ্মাৰ নাম অহাটো কোনো কথা হ’ব নোৱাৰে ৷’’ পূৰ্বৰ প্ৰযোজক ধৃতিমান শৰ্মাই তৰা গোচৰৰ প্ৰত্যাহ্বান জনোৱা হ’ব বুলিও মন্তব্য কৰে বৰ্তমানৰ প্ৰযোজনক শৈলেন কুমাৰ শৰ্মাই (Raghupati film controversy) ৷

অভিনেতা ৰবি শৰ্মাই কয় যে ছবিখনৰ মালিকিস্বত্বৰ ওপৰত বিতৰ্ক হোৱাৰ কোনো প্ৰয়োজন নাই ৷ এই বিতৰ্কৰ প্ৰধান উদ্দেশ্য হৈছে আমাক সমস্যাত পেলোৱা ৷ ইয়াৰ ফলত যদি ছবিখনৰ ক্ষতি হয় তেন্তে ইয়াৰ ক্ষতিপূৰণ বিচাৰি আদালতৰ দ্বাৰস্থ হ’ম বুলিও উল্লেখ কৰে ৰবি শৰ্মাই ৷  ইফালে, কণ্ঠশিল্পী জুবিন গাৰ্গে সকলোকে অসমীয়া ছবি চাবলৈ আহ্বান জনাই এই সমস্যাৰ সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে (Ravi Sharma film controversy) ৷  

উল্লেখ্য যে বৰ্তমানৰ প্ৰযোজক ময়ূৰাক্ষী শৰ্মাৰ বিৰুদ্ধে ইতিপূৰ্বে তেওঁৰ পিতৃ শৈলেন কুমাৰ শৰ্মাৰ সৈতে হোৱা চুক্তিখন কন্যা ময়ূৰাক্ষীয়ে উলংঘা কৰাৰ অভিযোগ তুলি পূৰ্বৰ আন এজন প্ৰযোজক ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত গোচৰ তৰিছিল ৷ আজি শুনানিৰ অন্তত ছবিখন মুক্তিত বাধা প্ৰদান কৰে অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশে ৷ উল্লেখ্য যে ছবিখনৰ পূৰ্বৰ প্ৰচাৰিত নাম আছিল ৰঘুপতি, মাত্ৰ কিছুদিনৰ পূৰ্বে ছবিখনৰ নাম হঠাৎ দিয়া হ’ল 'শ্ৰী ৰঘুপতি’ ৷  

গোচৰীয়া ধৃতিমান শৰ্মাই ন্যায়ালয়ত দাখিল কৰা অনুসৰি কিছুদিনৰ পূৰ্বে যোৱা বছৰত ‘ল’কাছ ক্ৰিয়েটিভ প্ৰডাকচন’ৰ বেনাৰত নিৰ্মিত ‘শ্ৰী ৰঘুপতি’ চিনেমাৰ এগৰাকী প্ৰযোজক হিচাবে এক চুক্তিত স্বাক্ষৰ কৰিছিল বিনিয়োগৰ বাবে ৷ কিন্তু ময়ূৰাক্ষীয়ে শেহতীয়াকৈ পিতৃ শৈলেন কুমাৰ শৰ্মাৰ সৈতে ‘মণিৰত্ন এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত ছবিখন শুকুৰবাৰে অৰ্থাৎ 2 জুনত মুক্তি দিবলৈ আগবাঢ়িছিল (Raghupati release stay order) ৷

লগতে পঢ়ক: Sri Raghupati: কাইলৈ ছবিগৃহত মুক্তি লাভ নকৰে শ্ৰী ৰঘুপতি, অনিৰ্দিষ্টকাললৈ স্থগিত মুক্তি

Last Updated : Jun 1, 2023, 10:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.