ETV Bharat / entertainment

Sri Raghupati: কাইলৈ ছবিগৃহত মুক্তি লাভ নকৰে শ্ৰী ৰঘুপতি, অনিৰ্দিষ্টকাললৈ স্থগিত মুক্তি

author img

By

Published : Jun 1, 2023, 5:29 PM IST

Metropolitan Magistrates Court banned Ravi Sharma's film Sri Raghupati indefinitely
কাইলৈ ছবিগৃহত মুক্তি লাভ নকৰে শ্ৰী ৰঘুপতি

ৰবি শৰ্মাৰ অভিনীত ছবি শ্ৰী ৰঘুপতি মুক্তিৰ পূৰ্বেই বাধা ৷ ছবিখন অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ নিৰ্দেশ দিছে কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতে । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

চিটাৰা ডেস্ক, 1 জুন : কাইলৈ মুক্তি লাভ কৰাৰ কথা আছিল জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ বহু প্ৰত্যাশিত ছবি ‘শ্ৰী ৰঘুপতি’য়ে ৷ এই ছবিখনৰ বাবে বিগত কেইবা বছৰ ধৰি অপেক্ষা কৰি আছিল অনুৰাগীসকল ৷ কিন্তু শেহতীয়াকৈ এই ছবিখনৰ সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ ৷ যি খবৰে অনুৰাগীৰ আশাত এক প্ৰকাৰে চেঁচা পানী ঢালিব ৷ কিয়নো ছবিখন অনিৰ্দিষ্টকালৰ বাবে মুক্তিত বাধা আৰোপ কৰিছে কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতে (Ravi Sarma big budget movie raghupati) ৷

Metropolitan Magistrates Court banned Ravi Sharma's film Sri Raghupati indefinitely
কাইলৈ ছবিগৃহত মুক্তি লাভ নকৰে শ্ৰী ৰঘুপতি

ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে অসমৰ নিম্ন আদালতে ‘শ্ৰী ৰঘুপতি’ মুক্তিৰ ক্ষেত্ৰত ৰায় প্ৰদান কৰিছে ৷ অনিৰ্দিষ্টকাললৈ ছবিখন স্থগিত ৰখাৰ নিৰ্দেশ দিছে আদালতে ৷ উল্লেখ্য যে এই ছবিখনৰ পূৰ্বৰ প্ৰযোজক আছিল সুৰয শৰ্মা । সুৰয শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই সুৰয শৰ্মাৰ সৈতে হোৱা চুক্তি ভংগৰ বিৰুদ্ধে গোচৰ তৰিছিল আদালতত । গোচৰ অনুসৰি শ্ৰী ৰঘুপতি ছবিখন নিৰ্মাণৰ বাবে পূৰ্বে সুৰয শৰ্মাৰ 'ল'কাচ ক্ৰিয়েটিভ প্ৰকাডকশ্যন'ৰ হৈ অগ্ৰীম ধন প্ৰদান কৰা হৈছিল ।

চুক্তি অনুসৰি ছবিখন ল’কাচ ক্ৰিয়েটিভ প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰাৰ লগতে শুভ মুক্তি দিয়াৰো চুক্তি হৈছিল । কিন্তু পৰৱৰ্তী সময়ত সেই চুক্তি ভংগ কৰি 'শ্ৰী ৰঘুপতি' ছবিখন শৈলেন কুমাৰ শৰ্মাৰ 'মণিৰত্ন এণ্টাৰটেইনমেণ্ট'ৰ বেনাৰত ছবিগৃহত মুক্তিৰ দিয়া প্ৰস্তুতি চলায় । সেয়ে পূৰ্বৰ চুক্তি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত গোচৰ তৰে ।

ইফালে ছবিখন নিৰ্দিষ্ট সময় অনুসৰিয়েই ছবিখন ছবিগৃহত মুক্তি দিবলৈ মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ হৈ ময়ূৰাক্ষী শৰ্মাই আৱেদন দাখিল কৰিছিল ৷ যদিও ধৃতিমান শৰ্মাৰ সপক্ষেই ন্যায়ালয়ে ৰায় দিয়ে ৷ ৰায় অনুসৰি অনিৰ্দিষ্ট কালৰ বাবে ছবিখন প্ৰদৰ্শনীত বাধা আৰোপ কৰে।

মন কৰিবলগীয়া যে ৰবি শৰ্মাৰ অভিনীত ‘শ্ৰী ৰঘুপতি’ ছবি কাইলৈ অৰ্থাৎ ২ জুনত মুক্তি পোৱাৰ কথা আছিল (Metropolitan Magistrates Court banned Sri Raghupati)। উল্লেখ্য যে সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখন ৷ ছবিখনত অভিনয় কৰিছে ৰবি শৰ্মা, প্ৰীতি কংগনা, সিদ্ধাৰ্থ শৰ্মা, প্ৰিয়ম পল্লৱী, অৰুণ হাজৰিকা, অৰুণ নাথ, ৰীনা বৰা, বৰ্ণালী পূজাৰী, ৰাজ শৰ্মা, সীমা বৰুৱা, সঞ্জীৱ বুঢ়াগোহাঁই, মঞ্জিত শৰ্মা, কুকিল শইকীয়া, আৰু চুমকী কছাৰীয়ে ৷ প্ৰচাৰৰ দৃষ্টিৰে চালে শৈলেন শৰ্মাৰ প্ৰযোজনা তথা মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে ছবিখন যি বৰ্তমান এক বিবদমান বিষয় ৷ আনহাতে ছবিখনৰ সংলাপ ৰবি শৰ্মাৰ ৷

লগতে পঢ়ক: Raghupati trailer out : আহি গ’ল ৰবি শৰ্মাৰ অভিনীত ছবি শ্ৰী ৰঘুপতিৰ ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.