Cop Injured in Karimganj : শিহৰণকাৰী! চলন্ত বাহনৰ পৰা দুস্কৃতিকাৰীয়ে দলিয়ালে আৰক্ষী জোৱানক

By

Published : Apr 10, 2023, 1:10 PM IST

Updated : Apr 10, 2023, 1:36 PM IST

thumbnail

কৰিমগঞ্জ, 10 এপ্ৰিল : এক ভয়ংকৰ ঘটনা ৷ চলন্ত তীব্ৰবেগী বিলাসী বাহনৰ পৰা দুস্কৃতিকাৰী দলিয়ালে এইবাৰ আৰক্ষীৰ লোকক (Cop Injured in Attack by Accused in Karimganj) ৷ ভুক্তভোগী আৰক্ষীৰ জোৱানজনৰ নাম ৰহিমুদ্দিন খান ৷ সমগ্ৰ ঘটনাৰ দৃশ্যাংশ বন্দী হৈছে CCTV কেমেৰাত ৷ ইফালে উক্ত ঘটনা প্ৰত্যক্ষ কৰি হতবাক হৈ পৰিল স্থানীয় লোকো ৷

প্ৰাপ্ত তথ্য অনুসৰি, অন্য দিনাৰ দৰে শনিবাৰে 306 নং শিলচৰ-আইজল ৰোডৰ লাইলাপুৰ আৰক্ষী টহলদাৰী পোষ্টৰ সন্মুখত কৰ্মৰত অৱস্থাত আছিল আৰক্ষীৰ জোৱানজন নাম ৰহিমুদ্দিন খান ৷ তেনেতে দুপৰীয়া ভাগত মিজোৰামৰ দিশৰ পৰা পৰা অহা এখন বিলাসী বাহনৰ লোকে বলপূৰ্বকভাৱে কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষী জোৱানজনক গাড়ীত উঠাই লৈ যায় ।

তাৰ পাচত ঘটনাস্থলীৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত চলন্ত বাহনখনৰ পৰা আৰক্ষীৰ জোৱানগৰাকীক দলিয়াই পেলাই দিয়ে ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হয় আৰক্ষীৰ জোৱানগৰাকী (Cop Injured in Karimganj) ৷ ৰক্ষকৰ ওপৰতে একাংশ দুস্কৃতিকাৰীয়ে কৰা এনে কৰ্ম দেখি এতিয়া শংকিত হৈ পৰিছে স্থানীয় লোক ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে চাঞ্চল্য ৷

লগতে পঢ়ক : Attack on Karimganj: কৰিমগঞ্জৰ বাৰিগ্ৰামত চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা

Last Updated : Apr 10, 2023, 1:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.