মৰাণত চৰাইদেউ মৈদামৰ আৰ্হিৰে ভেলাঘৰ নিৰ্মাণ

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 10:10 AM IST

thumbnail

মৰাণ, 7 জানুৱাৰী : অসমীয়াৰ অতি আদৰৰ ভোগালী বিহু সমাগত। ৰাজ্যৰ গাঁৱে-ভূঞে চলিছে এতিয়া মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি । ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাত গাঁ‌ৱে গাঁৱে নিৰ্মাণ হৈছে ভিন্ন ৰকমৰ ভেলাঘৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে ডিব্রুগড়ৰ মৰাণটো চলিছে আটক ধুনীয়া ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা । 

মৰাণৰ দুলীয়া ভাটিচুক গাঁ‌ৱত ৰাইজে নিৰ্মাণ কৰিছে চৰাইদেউৰ মৈদামৰ আৰ্হিত ভেলাঘৰ । অঞ্চলটোৰ যুৱকসকলে একলগ হৈ নিৰ্মাণ কৰি উলিয়াইছে ৰংঘৰ, হেলিকপ্টাৰ আৰু চৰাইদেউৰ মৈদামৰ আৰ্হিত ভেলাঘৰ । বৃহত্তৰ দুলীয়াবাসীৰ ৰাইজৰ উদ্যোগত আয়োজন কৰা এই ভোগালী বিহুৰ বাবে গাঁ‌ৱৰ ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী আৰু কণ-কণ ল'ৰা-ছোৱালীৰ লগতে আইসকল একেলগে ওলাই আহি হাতে কামে লগা পৰিলক্ষিত হৈছে । 

দুদিনীয়াকৈ আয়োজন কৰা এই ভোগালী বিহুত কেইবাটাও কাৰ্যসূচী হাতত লৈছে ৰাইজে । বিহুৰ উৰুকাৰ দিনা একে লগে এসাঁজ খাই নিশালৈ শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব । বিহুৰ দিনটোত খেলা-ধূলাকে ধৰি কেইবাটাও প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি ৰাইজে জানিবলৈ দিছে ।

লগতে পঢ়ক: পুৰণি বলাইত কাৰেংঘৰৰ আৰ্হিত ৰাইজে নিৰ্মাণ কৰিলে ভেলাঘৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.