Protest against margherita MLA:মাৰ্ঘেৰিটাৰ বিধায়কসহ একাংশৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী সমদল

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 10:08 AM IST

thumbnail

তিনিচুকীয়া, 13 অক্টোবৰ : শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ টিপং অঞ্চলৰ এটা কয়লা ক’ক প্লাণ্ট জনৈক প্ৰদীপ সিং আৰু চন্দন কলিতাৰ জৰিয়তে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই হস্তগত কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ কলকাতাৰ উদ্যোগপতিৰ মালিকানাধীন ক’ক প্লাণ্টটোৰ মালিকপক্ষক ভয় ভাবুকিৰে উদ্যোগটো হস্তগত কৰা বুলি এই অভিযোগ উত্থাপন হৈছে ৷

অভিযোগ উত্থাপনৰ পিচতে সংবাদমাধ্যম যোগে এই বাতৰি বিয়পি পৰে ৷ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতেই বৃহস্পতিবাৰে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটি আৰু তিনিচুকীয়া জিলা কংগ্ৰেছৰ নেতৃত্বই উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰ পৰা মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্য্যালয়লৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ কলিকতাৰ ব্যৱসায়ীজনক সুৰক্ষা দিয়াৰ লগতে দোষীক শাস্তি দিয়াৰ দাবীৰে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : Fire breaks out: তিনিচুকীয়াত মাজনিশা বিধ্বংসী অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.