সৰুপথাৰ সমষ্টিত বিজেপিৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি অমৃত কুমাৰ বুঢ়াগোঁহাই ?

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 7:46 AM IST

Updated : Dec 15, 2023, 9:52 AM IST

thumbnail

সৰুপথাৰ, 15  ডিচেম্বৰ : সমাগত লোকসভা নিৰ্বাচন । নিৰ্বাচনৰ প্ৰাকক্ষণত সৰুপথাৰ সমষ্টিৰ বৰপথাৰত কংগ্ৰেছ দলে বজাইছে নিৰ্বাচনী ৰণডংকা । বিজেপিৰ অধীনস্থ সৰুপথাৰ বিধানসভা সমষ্টিত কংগ্ৰেছে প্ৰদৰ্শন কৰিছে শক্তি । অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ উপাধ্যক্ষ হিচাপে নতুনকৈ দায়িত্ব লাভ কৰা অমৃত কুমাৰ বুঢ়াগোহাঁইক গৃহ চহৰ বৰপথাৰলৈ উষ্ম আদৰণি জনোৱা হয় ।

প্ৰায় সহস্ৰাধিক বাইকেৰে জামুগুৰিৰ পৰা বৰপথাৰ অন্তৰ্গত কৰ্দৈগুৰিস্থিত নিজা বাসভৱনলৈ কংগ্ৰেছ কৰ্মীৰ বিশাল বাইক শোভাযাত্ৰা কৰি উষ্ম আদৰণি বুঢ়াগোহাঁইক আদৰণি জনোৱা হয় । এই বাইক ৰেলীত স্বতঃস্ফূৰ্তভাৱে ওলাই আহে সৰুপথাৰ সমষ্টিৰ ৰাইজ ।

এই বাইক ৰেলীত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টাই, জ্যেষ্ঠ কংগ্ৰেছী নেতা বিতুপন শইকীয়াকে সৰুপথাৰ সমষ্টিৰ কেবাসহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : ৰাইজৰ বাবে মুকলি হ’ল দীপৰ বিলৰ পাৰৰ বনভোজথলী

Last Updated : Dec 15, 2023, 9:52 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.