মহানগৰীত ক’কেইন জব্দ, দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 10:27 AM IST

thumbnail

গুৱাহাটী, ৮ ডিচেম্বৰ: গুৱাহাটীৰ হেঙেৰাবাৰীত ক্রাইম ব্রাঞ্চ আৰু দিছপুৰ আৰক্ষীৰ অভিযান। এই অভিযানত জব্দ কৰে কেইবা কোটি টকাৰ ক’কেইন। মহানগৰীৰ দিছপুৰ আৰক্ষীৰ থানাৰ অন্তৰ্গত হেঙেৰাবাৰী শেৱালি পথৰ গণপতি এনক্লেভত এই অভিযান চলোৱা হৈছিল । আৰক্ষীয়ে ৩৩ গ্ৰাম ক’কেইনৰ লগতে ১১.৬৪ গ্ৰাম মেন্দি (MDMA) জব্দ কৰে বুলি জানিব পৰা গৈছে ৷ 

ইয়াৰোপৰি আৰক্ষীয়ে তিনিটা মোবাইল ফোন, AS01AM0008 নম্বৰৰ এখন চাৰিচকীয়া বাহন, এটা ডিজিটেল জোখ-মাখ যন্ত্ৰ আৰু নগদ ৩ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী দুটা হৈছে দিগ্বিজয় নিবাস ওৰফে দিকি (৩৭)আৰু কুন্দন ঠাকুৰ (১৯) । 

আনহাতে আৰক্ষীয়ে তিনিজন ল’ৰা আৰু দুজনী ছোৱালীক সোধা-পোছাৰ বাবে আটক কৰে। অভিযোগ অনুসৰি দিকি আৰু কুন্দন ঠাকুৰে দীৰ্ঘদিনৰ পৰাই চলাই আছিল ক’কেইন আৰু MDMA ৰ ৰমৰমীয়া ব্যৱসায়। সম্প্ৰতি দিছপুৰ আৰক্ষী থানাত ৰখা হৈছে 5 অভিযুক্তক ৷

লগতে পঢ়ক: লালমাটিত নিশা ডাম্পাৰে মহতিয়াই নিলে পথচাৰীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.