লালমাটিত নিশা ডাম্পাৰে মহতিয়াই নিলে পথচাৰীক

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 11:13 AM IST

thumbnail

গুৱাহাটী, 7 ডিচেম্বৰ : বুধবাৰে নিশা মহানগৰীৰ লালমাটিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে এগৰাকী পথচাৰীক ৷ ফলত থিতাতে নিহত হয় এগৰাকী মহিলা ৷ বৰ্তমানলৈ মহিলাগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই ৷

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, লালমাটিৰ গেম ভিলেজৰ সন্মুখত 27 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ ধৰোতে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে মহিলাগৰাকীক ৷ দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS 01 LC 3955 ৷

ইফালে, এই ঘটনাক লৈ নিশাৰ ভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টিৰ হয় ৰাষ্ট্ৰীয় ঘাইপথত ৷ ফলত ৰাষ্ট্ৰীয় ঘাইপথটোত তীব্ৰ যানজটৰ সৃষ্টি হয় ৷ ইফালে ৰাইজে খবৰ দিয়াৰ পাচতো ঘটনাস্থলীত আৰক্ষী বহু পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷ পৰৱৰ্তী সময়ত দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰসহ চালকজনক বশিষ্ঠ আৰক্ষীক গতাই দিয়ে ৰাইজে ।

লগতে পঢ়ক : বেলতলাত চোৰ নহয় চুৰুণীৰ ত্ৰাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.