Himanta Biswa Sarma: বয়সটো ঠিক থাকিলে স্ব-ইচ্ছাই কোনোবাই ধৰ্ম সলনি কৰিব পাৰে; মুখ্যমন্ত্রী

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 7:31 PM IST

thumbnail

গুৱাহাটী,৩ ছেপ্টেম্বৰ: এগৰাকী মুছলমান যুৱতীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰাক লৈ সন্মুখীন হোৱা ভাবুকি সন্দৰ্ভত দেওবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালৰ এগৰাকী মুছলমান মহিলা চিকিৎসকে হিন্দু ধৰ্ম গ্ৰহণ কৰাক লৈ নিজ পৰিয়ালৰ লোকৰ লগতে জামাতৰ পৰা ভাবুকিৰ সন্মুখীন হ'বলগীয়া হৈছে । পৰিয়ালৰ লোকে তেওঁক এজন মৌলবীৰ লগত বিবাহত বহাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে ।

এই সন্দৰ্ভত ছ'চিয়েল মিডিয়াযোগে মহিলা চিকিৎসকগৰাকীয়ে সবিশেষ বিৱৰি কোৱাৰ উপৰি অসম আৰক্ষীৰ সহায় বিচাৰিছে । এই বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে উপযুক্ত তদন্তৰ পাছত আইন অনুসৰি পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰিছিল ।

এই সন্দৰ্ভত আজি মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই সন্দৰ্ভত আৰক্ষীক অনুসন্ধান কৰিব দিয়া হৈছে । স্ব-ইচ্ছাই কোনোবাই ধৰ্ম গ্ৰহণ কৰিব পাৰে । কোনোবা মুছলমান ছোৱালীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰিব পাৰে নাইবা কোনোবা হিন্দু ছোৱালীয়ে মুছলিম ধৰ্ম গ্ৰহণ কৰিব পাৰে, তাত কোনো বাধা নাই । বয়সটো ঠিক থাকিলে স্ব-ইচ্ছাই কোনোবাই ধৰ্ম সলনি কৰিব পাৰে । তাত আইনে বাধা দিব নোৱাৰে । মুখ্যমন্ত্রীয়ে লগতে কয় যে আমি বেয়া পোৱাটো হৈছে লাভ জিহাদ ।

লগতে পঢ়ক: CM Slams Congress: তিনিচুকীয়াত দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী; কংগ্ৰেছক আক্ৰমণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.