ETV Bharat / state

CM Slams Congress: তিনিচুকীয়াত দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী; কংগ্ৰেছক আক্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 3:39 PM IST

Updated : Sep 3, 2023, 3:47 PM IST

CM Himanta Biswa Sarma in Tinsukia
তিনিচুকীয়াত দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী

তিনিচুকীয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । দিনজোৰা কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ প্ৰসংগত আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । লগতে চাহ বাগিচাৰ উন্নয়নৰ বাবে হাতত লোৱা আঁচনিৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তিনিচুকীয়াত দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী

তিনিচুকীয়া,৩ ছেপ্টেম্বৰ: “কংগ্ৰেছৰ কাৰণে চাহ বাগানসমূহ ৰাজনীতি কৰাৰ এক স্থান, ভোটবেংক আৰু আমাৰ কাৰণে হৈছে চাহ বাগানসমূহ জাতীয় সমস্যা ৷ জাতীয় সমস্যা হিচাপে লৈ আমি চাহ বাগানৰ সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰি আহিছোঁ ৷ বাগৰ পথসমূহ নিৰ্মাণ কৰাৰ লগতে বিভিন্ন শিক্ষা অনুষ্ঠানত আসন সংৰক্ষণ কৰিছোঁ যিটো কংগ্ৰেছে কোনোদিন চিন্তাই কৰিব নোৱাৰে ,” মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় ৷

শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে তিনিচুকীয়াত উপস্থিত হৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ইয়াৰোপৰি আন কেতবোৰ প্ৰসংগতো সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । চাহ বাগিচাৰ উন্নয়নৰ বাবে চৰকাৰে কাম কৰি আছে বুলি উল্লেখ কৰি অহা কিছুদিনৰ ভিতৰতে চাহ বাগিচাৰ যুৱক-যুৱতীৰ বাবে তিনি শতাংশ চাকৰি সংৰক্ষিত হ'ব বুলি মত প্ৰকাশ কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যিসকল শ্ৰমিকে বিদ্যুতৰ বিল দিব নোৱাৰি বিদ্যুৎ কৰ্তন কৰি থৈছে তেওঁলোকক চৰকাৰে বিল পৰিশোধ কৰি পুনৰ বিদ্যুৎ সংযোগ কৰি দিব বুলি জানিবলৈ দিয়ে । লগতে চাহ বাগিচাত ৰাস্তা বনোৱা, নতুনকৈ ৮০ খন হাইস্কুল বনোৱাৰ দৰে বহু আঁচনি ৰখা হৈছে গতিকে বাগানৰ বাবে ৰাজনৈতিকভাৱে BJP য়ে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াই ।

আনহাতে বহুবিবাহ বন্ধ কৰাৰ বিষয়টো চৰ্চা চলি থকাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে বহুবিবাহ বন্ধ কৰাৰ বিষয়ে সকলো পৰামৰ্শ গ্ৰহণ কৰা হৈছে আৰু অতিশীঘ্ৰে বহুবিৱাহ আইন সংশোধন কৰি বন্ধ কৰাৰ ব্যৱস্থা কৰা হ’ব যি এক বৃহৎ সমস্যাৰ সমাধান হ’ব ৷

আনহাতে, এক দেশ এক নিৰ্বাচন (One Nation One Election) কমিটিত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ নেতৃত্বত বিভিন্নজনক লৈ এখন কমিটি প্ৰস্তুত কৰা হৈছে আৰু সেয়া যাৱতীয়খিনি কৰা হৈছে বুলি উল্লেখ কৰি এক দেশ এক নিৰ্বাচনৰ জৰিয়তে দেশৰ বহু টকা ৰাহি হোৱাৰ লগতে সময় আৰু কষ্টও লাঘৱ হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Silsako Beel eviction : শিলসাঁকোৰ জনতাৰ প্ৰতিবাদ নস্যাৎ কৰি তৃতীয় দিনাও চলিল প্ৰশাসনৰ বুলড’জাৰ

Last Updated :Sep 3, 2023, 3:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.