Maha Ashtami 2023: হোজাইত পূজা কমিটীক আৰ্থিক ৰাজ সাহায্য প্ৰদান মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 6:08 PM IST

thumbnail

হোজাই, 22 অক্টোবৰ : আজি মহা অষ্টমী ৷ দুৰ্গোৎসৱৰ অষ্টমীৰ দিনা বেছিভাগ সময় হোজাই জিলাতে কটায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ পূৰ্বে পূজাৰ সময়ত হোজাইলৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে । সেই প্ৰতিশ্ৰুতি পূৰণৰ অৰ্থে দেওবাৰে দিনটো মুখ্যমন্ত্ৰীয়ে হোজাইবাসীৰ সৈতে কটায় ।

মুখ্যমন্ত্ৰীয়ে প্ৰথমে পুৱা লামডিং চহৰত উপস্থিত হৈ লামডিঙৰ কেইখনমান পূজামণ্ডপ পৰিদৰ্শন কৰে ৷ তাৰ পাচতে লামডিঙৰ পৰা হেলিকপ্টাৰে হোজাই চহৰত উপস্থিত হৈ হোজাই চহৰৰ কালীবাৰী পূজা, দুর্গাবাৰী পূজা আৰু ৰামকৃষ্ণ পূজামণ্ডপ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ 

পূজামণ্ডপ পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ আৰু হোজাইৰ বিধায়ক ৰাম কৃষ্ণ ঘোষ ।

লগতে পঢ়ক:Durga Puja 2023: হোজাইত পূজা সমিতিক চেক প্ৰদান শিবু মিশ্ৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.