AIIMS inauguration: প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে এইমছ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

By

Published : Apr 9, 2023, 6:23 PM IST

thumbnail

বাইহাটা, 9 এপ্ৰিল : বহাগ বিহুৰ দিনটোতেই ৰাজ্যবাসীৰ বাবে মুকলি কৰা হ’ব গুৱাহাটী AIIMS (AIIMS inauguration on 14th April) ৷ ১৪ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানখন (PM Modi will inaugurate AIIMS)। ইতিমধ্যে প্ৰায় ৯০% কাম সম্পূৰ্ণ হৈছে চিকিৎসা প্ৰতিষ্ঠানখনৰ । মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত  চিকিৎসা প্ৰতিষ্ঠানখনৰ মূল পথকে ধৰি অন্যান্য কামসমূহ পূৰ্ণগতিত চলি আছে । প্ৰধানমন্ত্ৰীৰ আগনমৰ পূৰ্বে দেওবাৰে অনুষ্ঠানৰ অগ্ৰগতিৰ বুজ ল’বলৈ চিকিৎসা প্ৰতিষ্ঠানখনত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sharma visits AIIMS) ৷

মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshab Mahanta), বিধায়ক দিগন্ত কলিতা (MLA Diganta Kalita) আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং (DGP GP Singh) ৷ দলটোৱে সভাৰ স্থান,গাড়ী পাৰ্কিং, সুৰক্ষা ব্যৱস্থা, পথ, চৌহদৰ ফুলনি বাগিছা, বৃক্ষৰোপণকে ধৰি অন্যান্য কামসমূহ পৰিদৰ্শন কৰি বাকী থকা কামসমূহ ক্ষীপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিয়ে ।  

ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীক পৰিদৰ্শন কালত সংগ দিয়ে কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াৰ লগতে এইমছৰ উচ্চ পদস্থ বিষয়াসকলে । ইতিমধ্যে AIIMSত ১৮ টা বিভাগৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে । ৭৫০ খন বিচনাযুক্ত চিকিৎসালয়খনত বৰ্তমান ১৫০ খন বিচনা কাৰ্যক্ষম হৈ আছে ।

লগতে পঢ়ক: PM Gati Shakti : প্ৰধানমন্ত্ৰী গতিশক্তিৰ ৰূপায়ণ সম্পৰ্কীয় বৈঠকত মন্ত্ৰী অশোক সিংহল

ইতিমধ্যে চিকিৎসালয়খনত OPD সেৱা আগবঢ়াই থকা হৈছে যদিও প্ৰধানমন্ত্ৰীয়ে অহা ১৪ এপ্ৰিলত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ৷ লগতে এক কোটি দহ লাখ আয়ুস্মান কাৰ্ড মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ এইমছ গুৱাহাটীৰ লগতে তিনিখন চিকিৎসা মহাবিদ্যালয় আৰু আয়ুস্মান কাৰ্ডৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যবাসীৰ বাবে ১৪ এপ্ৰিল দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ’ব ৷ এইমছৰ মুকলিয়ে স্বাস্থ্যখণ্ডলৈ আমুল পৰিৱৰ্তন আনিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.