CM in Dibrugarh : অগ্নিগৰ্ভা মণিপুৰ ! নেডাৰ আহ্বায়ক ব্যস্ত চেল্ফী লোৱাত

By

Published : Jul 2, 2023, 2:18 PM IST

Updated : Jul 2, 2023, 3:00 PM IST

thumbnail

ডিব্ৰুগড়, 2 জুলাই : চেল্ফী ল’বৰ বাবে মঞ্চৰ পৰা জঁপিয়াই নাচনীৰ কাষ পালেগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কেইবাটাও কাৰ্যসূচীৰে শনিবাৰে ডিব্ৰুগড় জিলাত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । 14 আগষ্টৰ দিনা গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ৰাজ্যখনৰ 11 হাজাৰ নাচনী আৰু ঢুলীয়াই বিহুনাচ প্ৰদৰ্শন কৰি গীনিজ বুক অৱ ৱৰ্ল্ডত ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল ৷ ইয়াৰে  1418 গৰাকী নাচনী আৰু ঢুলীয়া আছিল ডিব্ৰুগড় জিলাৰ ৷ 

এইসকল নাচনী-ঢুলীয়াক আনুষ্ঠানিক সম্বৰ্ধনা তথা প্ৰাইজমানি প্ৰদানৰ উদ্দেশ্যৰে ডিব্ৰুগড় চহৰৰ মানকটা খেলপথাৰত গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল শনিবাৰে ৷ এই অনুষ্ঠানতেই নিজৰ ভাষণ শেষ কৰিয়েই নাচনা-ঢুলীয়াৰ সৈতে এখন চেল্ফী লোৱাৰ উদ্দেশ্যৰে মঞ্চৰ পৰা জঁপিয়াই একেবাৰে নাচনী-ঢুলীয়াৰ কাষ পাইছিলগৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী । ইয়াৰ পাছতেই আৰম্ভ হৈছিল চেল্ফি পৰ্ব । মুখ্যমন্ত্ৰীক কাষত পাই নাচনী-ঢুলীয়াই মুখ্যমন্ত্ৰীক এবাৰ চুই চাবৰ বাবেও হেতা-ওপৰা লগোৱা পৰিলক্ষিত হৈছিল । যি দৃশ্যই বিশেষ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত ৷ 

কৰৰ বোজাত ৰাজ্যবাসী ককবকায় থকাৰ সময়ত লগতে চুবুৰীয়া ৰাজ্য মণিপুৰত অগ্নিগৰ্ভা পৰিস্থিতি অব্যাহত থকাৰ সময়ত নেডাৰ আহ্বায়কগৰাকীৰ এনে আচৰণে সচেতন মহলত তীক্ষ্ণ সমালোচিত হোৱা দেখিবলৈ পোৱা গৈছে ৷ 

লগতে পঢ়ক : Constituency delimitation : মূলসুঁতিৰ অসমীয়াৰ সৈতে সম্পৰ্ক নথকাবোৰেহে সমষ্টি পুননিৰ্ধাৰণৰ বিৰোধিতা কৰিব

Last Updated : Jul 2, 2023, 3:00 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.