ETV Bharat / state

Constituency delimitation : মূলসুঁতিৰ অসমীয়াৰ সৈতে সম্পৰ্ক নথকাবোৰেহে সমষ্টি পুননিৰ্ধাৰণৰ বিৰোধিতা কৰিব

author img

By

Published : Jul 2, 2023, 7:21 AM IST

বহিৰাগত কোম্পানীক লিজত দিয়া নহয় দীঘলীপুখুৰী ৷ ডেলিমিটেচনৰ বিৰোধিতা কৰাসকলক অসমবিৰোধী আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷

Jayanta mallabaruah slams Opposition in Dhubri
বিৰোধীক আক্ৰমণ মন্ত্ৰী জয়ন্ত মল্লৰ

বিৰোধীক আক্ৰমণ মন্ত্ৰী জয়ন্ত মল্লৰ

ধুবুৰী, 2 জুলাই : গৌৰৱ, অখিল আৰু লুৰিণজ্যোতি অৰ্থাৎ তিনি গগৈক লৈ ৰাজ্যৰ ৰাজনীতি তোলপাৰ হৈ থকাৰ সময়তে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ধুবুৰী আৱৰ্ত ভৱনত মন্ত্ৰীগৰাকীয়ে কয়, এনেকুৱা ক্লাৱ, এনজিঅ’ আৰু চেল্ফ হেল্ফ গ্ৰুপ লগ হৈয়েই থাকিব । এনেকুৱা ক্লাৱ, এনজিঅ’ আৰু চেল্ফ হেল্ফ গ্ৰুপ লগ হ’লে ৰাজনীতি হ’ব পাৰে নেকি বুলি বিৰোধীক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে তেওঁ সমষ্টি পুননিৰ্ধাৰণ সন্দৰ্ভত মন্তব্য আগবঢ়ায় কয়, 'ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ মূলসুঁতিৰ খিলঞ্জীয়াসকলক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যৰে এটা ডেলিমিটেচন প্ৰস্তুত কৰিছে । মূলসুঁতিৰ অসমীয়া মানুহৰ লগত সম্পৰ্ক নোহোৱাবোৰেহে ইয়াৰ বিৰোধিতা কৰিব । অৰ্থাৎ ইয়াৰ বিৰোধিতা কৰা মানেই অসমৰ বিৰোধিতা কৰা আৰু জাতীয় জীৱনৰ বিৰোধিতা কৰা ৷'

তিনি গগৈয়ে সমষ্টি পুননিৰ্ধাৰণৰ বিৰোধিতা কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, তিনি গগৈক অসমৰ পৰা নোহোৱা কৰি পেলাব, তিনি গগৈক অসমৰ মানুহে কেতিয়াও ক্ষমা নকৰে ।' বৰ্তমান সময়ত ৰাজ্যৰ সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰা ঐতিহাসিক দীঘলীপুখুৰী 15 বছৰৰ বাবে গুজৰাটৰ এটা প্ৰতিষ্ঠানক লিজত দিয়া সন্দৰ্ভত অৱগত নহয় পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হোৱাৰ পিছতহে এই কথা গম পাইছে বুলি জানিবলৈ দিয়ে । অৱশ্যে পৰৱৰ্তী সময়ত বিষয়টো সন্দৰ্ভত স্পষ্টীকৰণ আগবঢ়ায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । মন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়াৰ আৱেগ জড়িত হৈ থকা দীঘলীপুখুৰীক বহিৰাগত কোনো কোম্পানীক লিজত দিয়া নহয় । দীঘলীপুখুৰীৰ বিতৰ্কক লৈ প্ৰচাৰিত সংবাদ মাধ্যমৰ বাতৰিৰ সত্যতা স্বীকাৰ কৰি ইতিমধ্যে পূৰ্বৰ নিবিদা বাতিল কৰাৰ বাবে নিগমক নিৰ্দেশনা দিয়া বুলি উল্লেখ কৰি প্ৰয়োজনত পৰ্যটন উন্নয়ন নিগমে নিজেই দীঘলীপুখুৰী পৰিচালনা কৰিব বুলি স্পষ্ট কৰি দিয়ে ।

মন্ত্ৰীগৰাকীয়ে বিৰোধী নেতা ৰাহুল গান্ধীৰ প্ৰতিও আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : Constituency delimitation: তিনিজন গগৈ একেলগ হোৱাটো জাতিটোৰ বাবে ভাল লক্ষণ নহয়; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.