Assam CM HBS: হাতুৰী লাগে নে বানপানী লাগে ! প্ৰশ্ন মুখ্যমন্ত্ৰীৰ

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 4:58 PM IST

thumbnail

গুৱাহাটী,1 অক্টোবৰ: শনিবাৰে মহানগীৰত হোৱা কৃত্ৰিম বানৰ বাবে জগৰীয়া কোন ! এজাক বৰষুণতে মহানগীৰত হোৱা বানৰ বাবে জগৰীয়া নেকি সংবাদ মাধ্যম ! শনিবাৰে গুৱাহাটী মহানগৰীত হোৱা কৃত্ৰিম বানৰ সন্দৰ্ভত সংবাদ মাধ্যমে বাতৰি প্ৰচাৰক লৈ টিঙিৰি তোলা মুখ্যমন্ত্ৰী ৷ 

শনিবাৰে মহানগৰীৰ বিভিন্ন স্থানত হোৱা কৃত্ৰিম বান নেদেখিলে হেনো মুখ্যমন্ত্ৰীয়ে ৷ কৃত্ৰিম বানৰ বাবে সংবাদ মাধ্যমক এক প্ৰকাৰ দোষ দি দেওবাৰে কৃত্ৰিম বানৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্তই কয়, ‘‘কালি মই গুৱাহাটী ঘূৰি আছো । ক’তো বিশেষ জলমগ্ন হোৱা দেখা নাই । ইফালে শিলসাঁকো উচ্ছেদ কৰিলে আপোনালোকে ধৰে । শিলসাঁকো উচ্ছেদ কৰাৰ বাবে জু-ৰোড বাছি গৈছে । অলপমান পানী হ'লে সংবাদ মাধ্যমে মহানগীৰৰ জলমগ্নৰ হোৱাৰ কথা কয় ।’’

‘‘ড্ৰেইন চাফা কৰিলে খিলঞ্জীয়াৰ কথা কয় ৷ আজি যিসকলে কবিতা লিখিছিল তেওঁলোকে লিখক কৃত্ৰিম বানক লৈ কবিতা ৷ এতিয়া সংবাদমাধ্যমে কওঁক হাতুৰী লাগিব নে কৃত্ৰিম বান লাগে ৷ গতিকে আপোনালোকে দুয়োফালে ডম্বৰু কোৱাই থাকিলে আমাৰ দিগদাৰ হয় ,’’ কৃত্ৰিম বানৰ বাবে সংবাদ মাধ্যমলৈ সমস্ত দোষ ঠেলি এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ 

লগতে পঢ়ক: Artificial flood: কৃত্ৰিম বানত বুৰিল গীতানগৰ থানা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.