Beating incident in Barpeta: এটা পথক লৈ দুৰ্বাদল কাজিয়া; হতাহতিত আহত প্ৰায় 8 জন

By

Published : Feb 26, 2023, 1:37 PM IST

thumbnail

কলগাছিয়া, 26 ফেব্ৰুৱাৰী : এটা ৰাস্তাক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা (Beating incident in Barpeta) ৷ বৰপেটা জিলাৰ কলগাছিয়াত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো (Two groups clash over a road) ৷ মাৰপিটৰ ফলত দুই পৰিয়ালৰ আঠজনকৈ লোক গুৰুতৰভাৱে আহত হয় । উল্লেখযোগ্য যে, পূৰ্ব পুৰুষে দুটা পৰিয়ালৰ বাবে নিৰ্ধাৰিত কৰি দিছিল দুটা সমূহীয়া পথ ৷ পূৰ্ব পুৰুষে নিৰ্ধাৰণ কৰি দিয়া সমূহীয়া গাঁৱলীয়া ৰাস্তাটোৰে ইমান দিনে দুয়োটা পৰিয়ালে যাতায়তৰ বাবে ব্যৱহাৰ কৰি আছিল (Massive scuffle between two Group for road) । 

কিন্তু শনিবাৰে সৌ তাহানিৰে পৰা পৰিয়ালটোৱে ব্যৱহাৰ কৰি অহা ৰাস্তাটোৰে অহা যোৱা কৰাৰ সময়ত আন এটা পৰিয়ালে বাধা প্ৰদান কৰে । পিচে দুয়োটা পৰিয়ালৰ মাজত প্ৰথমে যুক্তি-তৰ্ক সৃষ্টি হয় যদিও পিচ মূহুৰ্তত ভয়ংকৰ মাৰপিটৰ সৃষ্টি হয় । উক্ত মাৰপিটত দুই পৰিয়ালৰ আঠজনকৈ লোক গুৰুতৰভাবে আহত হয় । পিচত ৰাইজৰ তৎপৰতাত আহত সকলক বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত ভৰ্তি কৰোৱা হয় (Barpeta civil hospital)। 

আহত লোক কেইজন ক্ৰমে তফিজ উদ্দিন, মিয়াচান, নাজমা খাতুন, ইয়াছমিনা খাতুন, নায়েব আলী, আব্দুচ ছামাদ আলী, চন্দ্ৰ ভানু আৰু স্বহৰ ভানু বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে । ইয়াৰে তফিজউদ্দিনৰ অৱস্থা অধিক সংকটজনক হোৱাত বৰপেটা চিকিৎসা মহবিদ্যালয়ত প্ৰেৰণ কৰা হয় (Barpeta medical college)। মাৰপিটৰ ফলত দুয়ো পক্ষৰ লোক আহত হোৱা বুলি জানিব পৰা গৈছে । সম্প্ৰতি এই মাৰপিটৰ ঘটনাত কোন দোষী বা নিৰ্দোষী সেয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব (Clash between two families for road in Barpeta) ।

লগতে পঢ়ক : BJP president reacts on alliance : ভিতৰি নিজৰ মাজত মিল বৰ্তাই ৰাখে কংগ্ৰেছ-এ আই ইউ ডি এফে; ভৱেশ কলিতা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.