Clash in mid of river: বৰ লুইতৰ বুকুত নাৱতেই তয়াময়া ৰণ; বাগৰি পৰিল কেইবাজনো

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 1:55 PM IST

thumbnail

জনিয়া, 31 আগষ্ট : বৰ লুইতৰ বুকুত প্ৰচণ্ড মাৰপিট ৷ এখন নাৱৰ যাত্ৰী প্ৰহাৰ কৰিছে আন এখন নাৱৰ যাত্ৰীক ৷ মুঠৰ ওপৰত বাৰিষাৰ ভৰ লুইতৰ বুকুত লাঠি-জোং লৈ এখন নাৱৰ যাত্ৰীয়ে আনখন নাৱৰ যাত্ৰীক কৰিছে প্ৰহাৰ ৷ জানিব পৰা মতে, এই মাৰপিটৰ ফলত গুৰুতৰভাৱে আহত হৈছে কেবাজনো লোক ৷

তথ্য অনুসৰি, বাঘবৰৰ মাণিকপুৰত বুধবাৰে অয়োজন কৰা হৈছিল নাও খেল প্ৰতিযোগিতাৰ ৷ এই নাও খেল প্ৰতিযোগিতা চাবলৈ ভিৰ কৰিছিলহি অসংখ্য লোকে ৷ ইয়াৰ মাজতে নাও খেল চাবলৈ অহা দৰ্শকৰ মাজত হঠাৎ মাৰপিট লাগে । কিন্তু কি কাৰণত এই মাৰপিটৰ সৃষ্টি হ’ল কোনেও একো ধৰিবলৈ নোৱাৰিলে ৷ 

আনকি এখন নাৱে খুন্দা মাৰে আন এখন নাৱত ৷ ফলত কেবাজনো যাত্ৰী পৰি যায় লুইতত ৷ অৱশ্যে একাংশ লোকৰ তৎপৰতাত পানীৰ পৰা উদ্ধাৰ কৰা হয় লোককেইজনক ৷ এই ঘটনাক কেন্দ্ৰ কৰি বাঘবৰৰ মাণিকপুত সৃষ্টি হয় এক চাঞ্চল্যৰ ৷

লগতে পঢ়ক : Traditional boat race in Barpeta : মন্দিয়াত বিৰাট নাওখেল প্ৰতিযোগিতা; ৰাইজৰ চকুৰ মণি নাৱৰ বৃহৎ জয়লাভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.