সত্ৰপীঠ মাজুলীত শান্তি-সম্প্ৰীতিৰ বাৰ্তাৰে বৰদিন উদযাপন

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 6:44 PM IST

thumbnail

মাজুলী, 25 ডিচেম্বৰ : আজি পবিত্ৰ বৰদিন । সমগ্ৰ বিশ্বই উদযাপন কৰিছে যীশুখ্ৰীষ্টৰ জন্মদিন ৷ দেশৰ লগতে ৰাজ্যতো দেখা গৈছে বৰদিনৰ উছাহ ৷ সমান্তৰালকৈ সত্ৰপীঠ মাজুলীতো খ্ৰীষ্টধৰ্মৰ লোকসকলে ব্যাপক উৎসাহ উদ্দীপনাৰে আজি বৰদিন উদযাপন কৰিছে । মাজুলীৰ ৬৫ তাকৈ গীৰ্জাত অনুষ্ঠিত কৰা হৈছে বৰদিন । কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মাজুলীৰ গীৰ্জাসমূহ ।

জেংৰাইমূখৰ গীৰ্জাসমূহত মুখৰিত হৈছে কেৰলৰ ধ্বনি ৷ খ্ৰীষ্টধৰ্মৰ লোকসকলৰ প্ৰধান উৎসৱ বৰদিনক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ বিশ্বতে ৷ খ্ৰীষ্টধৰ্মৰ লোকসকলে মাজুলীৰ গীৰ্জাসমূহত কৰিছে সমূহীয়া প্ৰাৰ্থনা । আজি এই পবিত্ৰ বৰদিনৰ দিনা গোটেই বিশ্বতে শান্তি কামনা কৰি খ্ৰীষ্টধৰ্মৰ লোকসকলে প্ৰাৰ্থনা কৰে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.