দুদিনতে চপৰা-চপৰে উঠিছে নৱ-নিৰ্মিত পকী পথ

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 1:32 PM IST

thumbnail

চিৰাং, 7 ডিচেম্বৰ : বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি দুৰ্নীতিত লিপ্ত বিষয়া কৰ্মচাৰীক ৰঙাঘৰলৈ প্ৰেৰণ কৰাৰ পিচতো একাংশ ঠিকাদাৰ আজিও লিপ্ত হৈ আছে দুৰ্নীতিত । ইয়াৰ মাজতে চিৰাং জিলাৰ বিজনীৰ ২ নং গৰাইমাৰীৰ পৰা বঙাইগাঁও জিলাৰ পাতিলাদহা কুৰ্চামাৰী সংযোগী পথৰ প্ৰায় তিনি কিলোমিটাৰ পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে তুলিছে গুৰুতৰ অভিযোগ ।

বিজনী বিষ্ণুপুৰৰ জনৈক নন্দু দাস নামৰ ঠিকাদাৰজনে ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা পথটোত যথেষ্ট দুৰ্নীতি কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পিচত ৰাইজে পৰীক্ষা-নিৰীক্ষা কৰি চাওতে দেখিলে যে চপৰা-চপৰে উঠিছে নৱ-নিৰ্মিত পথটো । ৰাইজৰ অভিযোগ ধুলি বালিৰ ওপৰেৰে ৰলাৰ অথবা পানী নমৰাকৈ চলাই গৈছে পকীকৰণ । যাৰ বাবে স্থানীয় ৰাইজ ওলাই আহি বন্ধ কৰিলে পথটোৰ নিৰ্মাণকাৰ্য । জিলা উপায়ুক্তক ঠিকাদাৰৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে পথটো ভালকৈ নিৰ্মাণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : জুৰীয়াত নিৰ্মাণৰ পিচতেই বখলা-বখলে এৰিছে পকী পথ,ৰাইজে বন্ধ কৰিলে নিৰ্মাণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.