সামাজিক ব্যাধি, নিচাজাতীয় দ্ৰব্য নিৰ্মূলৰ লক্ষ্যৰে ভাওনা প্ৰদৰ্শন

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 1:27 PM IST

thumbnail

কলিয়াবৰ, 18 নৱেম্বৰ : কলিয়াবৰৰ নলতলি গাঁৱত ১০৬ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হয় ১০৭ সংখ্যক যুৰীয়া ভাওনা উৎসৱ । এই উৎসৱত গাঁওখনৰ শিশু-চেমনীয়াসকলে বলিচলন ভাওনা পৰিৱেশন কৰে । কলিয়াবৰৰ নলতলি গাঁৱৰ বৰনামঘৰ ৰজন-জনাই গ’ল শিশু-চেমনীয়াৰ অভিনয়, গায়ন-বায়ন, সূত্ৰধাৰৰ নৃত্য-গীতেৰে ৷

গুৰুজনাৰ অংকীয়া শৈলীৰ ব্ৰজাৱলী ভাষাৰ আৰ্হিত ৰচনা কৰা বলিচলন নাটত নৱপ্ৰজন্মৰ শিকাৰুসকলৰ দ্বাৰা পৰিৱেশিত ভাওনাই ভাওনাগৃহত উপস্থিত প্ৰতিজনকে মুগ্ধ কৰে । উল্লেখযোগ্য যে, ভাওনাৰ দৰ্শক হিচাপে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাইজৰ আশীষ লয় । আয়োজকে জানিবলৈ দিয়া অনুসৰি এই বৰ্ষৰ এই ভাওনা তেওঁলোকে সমাজৰ বাবে বৰবিহ স্বৰূপ ড্ৰাগছ যাতে সমূলঞ্চে নাইকিয়া হয় আৰু নৱপ্ৰজন্ম যাতে এই ড্ৰাগছৰ গ্ৰাসত নপৰে, তাৰ কামনাৰে আগবঢ়াইছে ৷

লগতে পঢ়ক : Bhaona:ভাওনা-গায়ন-বায়ন কৰি আত্মহাৰা হোৱা শিশুসকলৰ মুখেৰেই শুনক তেওঁলোকৰ অভিজ্ঞতাৰ কথা...

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.