Durga Puja in Kharupetiya: খাৰুপেটীয়াত চন্দ্ৰযান ৩ ৰ আৰ্হিত নিৰ্মাণ পূজা মণ্ডপ

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 10:55 PM IST

thumbnail

দলগাঁও‌, ২০ অক্টোবৰ: পূজা মণ্ডপ নহয়, যেন হুবহু মহাকাশহে । খাৰুপেটীয়াত এনে ব্যতিক্ৰমী পূজা মণ্ডপটোৱে আকৰ্ষিত কৰিছে ৰাইজক । চন্দ্ৰযান ৩ আৰু মহাকাশৰ আৰ্হিৰ পূজা মণ্ডপ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তুলিছে দুগৰাকী চিত্ৰশিল্পীয়ে । প্ৰতিবছৰৰ দৰে এই বছৰো খাৰুপেটীয়াৰ টাইগাৰ ক্লাৱত ১৫ লাখ টকা ব্যয় সাপেক্ষে প্ৰস্তুত কৰা হৈছে চন্দ্ৰযান ৩ আৰু মহাকাশ আৰ্হিৰ পূজা মণ্ডপ ।

খাৰুপেটীয়াৰ শিল্পী ছফিকুল ইছলাম ছাফি আৰু শিৱসাগৰ জিলাৰ নাজিৰাৰ আলী হাইদৰৰ প্ৰচেষ্টাত এমাহ অন্তত চন্দ্ৰযান ৩ আৰু মহাকাশ আৰ্হিৰ পূজা মণ্ডপৰ কাম সমাপ্ত হয় । মূল তোৰণত চন্দ্ৰযান ৩ আৰু মহাকাশ আৰ্হিৰ মণ্ডপত সৌৰজগতৰ লগতে অংকন কৰা বিভিন্ন পেইন্টিঙে আকৰ্ষিত কৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজক । 

লগতে পঢ়ক: Dimasa Sahitya Sabha silver jubilee: মাইবঙত তিনিদিনীয়া কাৰ্যসূচীৰে ডিমাছা সাহিত্য সভাৰ ৰূপালী জয়ন্তী আৰু বাৰ্ষিক সাধাৰণ সভা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.