Health camp in Namrup: নামৰূপত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ উদ্যোগত স্বাস্থ্য শিবিৰ

By

Published : Mar 21, 2023, 12:48 PM IST

thumbnail

নামৰূপ, 21 মাৰ্চ: নামৰূপত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPF ৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৷ দেশ সেৱাৰ মাজতে নামৰূপত স্বাস্থ্য সজাগতাৰ বাবে ওলাই আহিল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 171 নং বেটেলিয়ন ৷ অনুষ্ঠিত কৰিলে বিনামূলীয়া স্বাস্থ্য শিবিৰ (Free Health Camp In Namrup) ৷

দেশৰ সুৰক্ষাৰ ক্ষেত্ৰতে হওক বা মানৱীয়তাৰ ক্ষেত্ৰতেই হওক চি আৰ পি এফৰ ভূমিকা সদায় প্ৰশংসনীয় । যোৱা 20 মাৰ্চ, সোমবাৰে নামৰূপৰ সাৰ নগৰী ৰাজহুৱা বৰ নামঘৰত চিআৰপিএফৰ 171 নং বেটেলিয়নে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা ঔষধ বিতৰণ শিবিৰ অনুষ্ঠিত কৰে (CRPF Organized Free Health Camp In Namrup) ৷

চিআৰপিএফৰ Civic Action Program ৰ অধীনত সাৰ নগৰী বৰ নামঘৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে এই শিবিৰ অনুষ্ঠিত হয় ৷  নামৰূপৰ লগতে নিকটৱৰ্তী গ্ৰামাঞ্চলৰ প্ৰায় দুই শতাধিক লোকে এই স্বাস্থ্য পৰীক্ষা শিবিৰত নিজৰ স্বাস্থ্য পৰীক্ষা কৰায় ৷ চকু পৰীক্ষা, মধুমেহ আদিৰ চিকিৎসাৰ লগতে বিনামূলীয়া ঔষধো বিতৰণ কৰা হয় এই স্বাস্থ্য শিবিৰত (CRPF Organized Free Health Camp) ৷  

স্বাস্থ্য শিবিৰত নামৰূপৰ লগতে ডিব্ৰুগড়ৰো বিভিন্ন বিভাগৰ চিকিৎসকে অংশ লৈ চিকিৎসা সেৱা আগবঢ়ায় । স্বাস্থ্য শিবিৰৰ উদ্ধোধনী অনুষ্ঠানত চিআৰপিএফৰ শীৰ্ষ বিষয়াৰ লগতে নাহৰকটীয়াৰ চক্ৰ বিষয়া শৰৎ গগৈ, নামৰূপ সাৰ কাৰখানাৰ বিত্তীয় সঞ্চালক সুভাষ চন্দ্ৰ দাস, এপিএলৰ পৰিচালন সঞ্চালক ৰাজনিশ গগৈ, নামৰূপ থাৰ্মেলৰ ভাৰপ্ৰাপ্ত প্ৰবন্ধক মঃ জাকিৰ, নামৰূপৰ উপ- আৰক্ষী অধীক্ষক নৱকুমাৰ বৰা উপস্থিত থাকে (Civic Action Program of CRPF)  ৷

লগতে পঢ়ক:AJYCP Protest at Rangapara: বৰ্ধিত পৌৰ কৰ বাতিলৰ দাবীত ৰঙাপৰাত AJYCPৰ প্ৰতিবাদ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.