Junmoni Rabha death case: কলিয়াবৰত দ্বিতীয় দিনাও উপস্থিত CBI ৰ দল

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 7:32 PM IST

thumbnail

কলিয়াবৰ, 5 অক্টোবৰ : এছ আই জোনমনি ৰাভাৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰতৰ কৰি তোলাৰ পিচতে কলিয়াবৰত দ্বিতীয় দিনাও উপস্থিত হৈছে চিবিআইৰ দল ৷ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ 142 দিনৰ পিচত বুধবাৰে জোনমনি ৰাভাৰ বাহনখনৰ পৰা ৰহস্যজনকভাৱে মোবাইল ফোন উদ্ধাৰ হোৱাৰ পিচত বৃহস্পতিবাৰে পুনৰ জখলাবন্ধাত উপস্থিত হয় চিবিআইৰ 5 জনীয়া এটা দল। 

জখলাবন্ধা আৰক্ষী নিৱেশ চৌহদত ৰাখি থোৱা জোনমণি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ যন্ত্ৰাংশ চিবিআইৰ দলটোৱে পুনৰ পৰীক্ষা কৰাৰ লগতে বাহনখনৰ পৰা বিশেষ যন্ত্ৰাংশ সংগ্ৰহ কৰে । জোনমণি ৰাভাৰ মাৰুতি এছপ্ৰেছ' বাহনখনৰ পৰা চিবিআইৰ দলটোৱে খুলি লৈ যায় বাহনখনৰ ইঞ্জিন নিয়ন্ত্ৰণ ব‍্যৱস্থা ই. চি. এম. (Engine Control Module)টো। 

বাহনখনৰ এই যন্ত্ৰাংশৰ পৰাই ঘটনাৰ সময়ত জোনমণি ৰাভাৰ বাহনখনৰ গতিবেগ কিমান আছিল সেয়া ওলাই পৰাৰ সম্ভাৱনা আছে। ইফালে, তন্ন-তন্নকৈ জোনমণি ৰাভাৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখন আৰক্ষী, চি আই ডি আৰু চিবিআইএ পৰীক্ষা কৰাৰ পাছতো বুধবাৰে উদ্ধাৰ হোৱা ফোনটোৰ লগত নালীয়াৰ সংযোগ থাকিব পাৰে বুলি কলিয়াবৰৰ বিভিন্ন মহলত জল্পনা-কল্পনা চলিছে। কিয়নো, দুৰ্ঘটনাৰ পাচৰে পৰা জোনমণি ৰাভাৰ এটা ফোনো বিচাৰি পোৱা নাছিল তদন্তকাৰী বাহিনীয়ে।

লগতে পঢ়ক: CBI interrogates Runa Neog : CBI ৰ জেৰাৰ সন্মুখীন লখিমপুৰ জিলাৰ তদানীন্তন ASP ৰুণা নেওগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.