Fire Break out: চকুৰ পচাৰতে জুইত জাহ গ’ল দুটাকৈ গৃহ; 2 লাখ নগদ টকাসহ ঘৰৰ সামগ্ৰী ভস্মীভূত

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 12:58 PM IST

Updated : Sep 27, 2023, 9:28 PM IST

thumbnail

যোৰহাট, ২৭ ছেপ্টেম্বৰ: বুধবাৰে পুৱা প্ৰায় ১০.৩০ বজাত যোৰহাটৰ ন-আলি হাবিচুক কমলাবৰিয়া অঞ্চলত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । এই অগ্নিকাণ্ডৰ ফলত দুটাকৈ ভাৰাঘৰ সম্পূৰ্ণৰূপে জুইত জাহ যায় ।

জানিব পৰামতে, অঞ্চলটোৰ গিৰিজা ৰাজখোৱা নামৰ ব্যক্তিজনৰ ভাৰাঘৰত সুকুমাৰ চৰকাৰ আৰু বিমল দেৱনাথ নামৰ দুজন ব্যক্তিয়ে বাস কৰিছিল । আজি গিৰিজা ৰাজখোৱাৰ ঘৰত শ্ৰাদ্ধৰ ভোজ বনাই থকাৰ অৱস্থাত হঠাৎ ৰন্ধন গেছ চিলিণ্ডাৰ পৰা গেছ নিৰ্গত হৈ অগ্নিকাণ্ডৰ ঘটনা সূত্ৰপাত হয় ৷ নিমিষতে জুইৰ লেলিহান শিখাই সুকুমাৰ চৰকাৰ আৰু বিমল দেৱনাথৰ ঘৰ দুটা সম্পূৰ্ণৰূপে আগুৰি ধৰে । ফলত সমগ্ৰ আৱাসিক এলেকাটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷

লগে লগে স্থানীয় ৰাইজে যোৰহাট জিলাৰ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত দুখনকৈ অগ্নিনিৰ্বাপক বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে সুকুমাৰ চৰকাৰ নামৰ ব্যক্তিজনে মাটি ক্ৰয় কৰিবলৈ প্ৰায় দুই লাখৰো অধিক ধন ঘৰত জমা কৰি ৰাখিছিল ৷ এই অগ্নিকাণ্ডৰ ঘটনাত ধনখিনি জাহ যোৱাৰ লগতে বিমল দেৱনাথৰ ঘৰৰ আচবাব জ্বলি ধ্বংসস্তূপত পৰিণত হয় । বৰ্তমান দুয়োটা ভাৰাতীয়া পৰিয়ালে নিজৰ সা-সম্পতিকে ধৰি নগদ ধন হেৰুৱাই শোকত ভাগি পৰিছে ৷

লগতে পঢ়ক: Road accident: বৰাগাঁও উৰণ সেতুত পথৰ কাম কৰি থকা বাহনক খুন্দা মাৰিলে অ’টৱে

Last Updated : Sep 27, 2023, 9:28 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.