Kaziranga Pollution: মৃত গৰু পেলোৱা ডাষ্টবিনলৈ পৰিণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 1:05 PM IST

thumbnail

কলিয়াবৰ, 12 অক্টোবৰ : নগাঁও কলিয়াবৰ মহকুমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ দক্ষিণ দিশে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া গো-ব্যৱসায়ীৰ বাবে মৃত গৰু পেলোৱা ডাষ্টবিনলৈ পৰিণত হৈছে । উজনি অসমৰ পৰা সৰবৰাহ কৰি গৰুসমূহ বহু সময়ত গাড়ীতেই মৃত্যু হয়। এই গৰুসমূহৰ শৱবোৰ পথৰ কাষতে পেলাই থৈ যোৱাৰ ফলত এতিয়া পথটোত অস্বাস্থ‍্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। 

শেহতীয়াকৈ, মৃত্যু হোৱা গৰুসমূহ বাগৰী আৰক্ষী চকীৰ মাত্ৰ 500 মিটাৰ দূৰত্বত পেলাই থৈ যায় গো-ব্যৱসায়ীসকলে। নিশাৰ অন্ধকাৰৰ সুযোগ লৈ দুষ্ট ব্যৱসায়ীসকলে কৰা এই দুষ্কাৰ্যৰ বাবে এতিয়া সমগ্ৰ অঞ্চলজুৰি দুৰ্গোন্ধৰ সৃষ্টি কৰিছে। নাকত সোপা দি পাৰ হ'বলগীয়া হৈছে লোকসকল। কেৱল ইমানেই নহয় মৃত্যু হোৱা এই গৰুয়ে এতিয়া ভাবুকিৰ সৃষ্টি কৰিছে কাজিৰঙাৰ বন্যজীৱৰ প্ৰতিও। 

যি সময়ত গো-সুৰক্ষা আইন বলৱৎ কৰি গো-ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি দাবী কৰিছে সেই সময়তে কাজিৰঙাৰ মাজেৰে অব্যাহত আছে অবাধ গো-সৰবৰাহ। তাৰ পাচতো দেখিও নেদেখাৰ ভাও ধৰিছে বাগৰী আৰক্ষীয়ে । এইক্ষেত্ৰত স্থানীয় ৰাইজে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে ।

লগতে পঢ়ক: Drugs paddler arrested: খানাপাৰাত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.