Burman-Kachari Students' Union: আমি জিকিব নোৱাৰিলেও কাৰোবাক হৰুৱাব পাৰো: বৰ্মন-কছাৰী ছাত্ৰ সন্থা

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 1:56 PM IST

thumbnail

ওদালগুৰি, ১৮ অক্টোবৰ: বিটিআৰত বসবাস কৰা বৰ্মন-কছাৰীসকলৰ জনজাতিৰ প্ৰমাণ প্ৰত্ৰ বিটিচি প্ৰশাসনে স্থগিত কৰি ৰখাত ক্ষোভিত হৈ পৰিছে ওদালগুৰি জিলা বৰ্মন-কছাৰী ছাত্ৰ সন্থা ৷ বৰ্মন-কছাৰী ছাত্ৰ সন্থাই এই সন্দৰ্ভত বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৰ সৈতে কথা পাতিছিল যদিও তেখেত কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে ওদালগুৰি জিলা বৰ্মন-কছাৰী ছাত্ৰ সন্থাৰ সভাপতি জয়ন্ত বৰ্মন আৰু সম্পাদক পৰিতোষ বৰ্মনে ।

বৰ্মন-কছাৰী জনগোষ্ঠীৰ জনসংখ্যা কম বাবে ৰাজনৈতিক দলসমূহৰ অংক নিমিলাৰ অভিযোগ কৰি তেওঁলোকক চৰকাৰ তথা প্ৰশাসনে অধিকাৰৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ কৰিছে ছাত্ৰ নেতাদ্বয়ে ৷ তেওঁলোকে বিটিআৰ চৰকাৰৰ ভূমিকাত সৰৱ হৈ কয়, "আমি জিকিব নোৱাৰিলেও কাৰোবাক হৰুৱাব পাৰো, আমাৰ সমস্যা যদি যথা সময়ত পূৰণ নকৰে তেন্তে আমি অহা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিম" ৷ 

উল্লেখ্য যে, অসমৰ অন্যতম ক্ষুদ্ৰ জনগোষ্ঠী বৰ্মন-কছাৰীসকলে বিভিন্ন সময়ত অনলাইন যোগে নিজ জনজাতিৰ প্ৰমাণ প্ৰত্ৰ লাভ কৰাৰ লগতে জনজাতিৰ সুবিধা লাভ কৰি আহিছিল ৷ কিন্তু ২০২২ নৱেম্বৰ মাহৰ পৰা বিটিআৰত বসবাস কৰা বৰ্মন-কছাৰীসকলৰ জনজাতিৰ প্ৰমাণ পত্ৰ বিটিচি প্ৰশাসনে স্থগিত কৰি ৰাখিছে ৷ যাৰ ফলত বৰ্মন কছাৰী জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে ৷

লগতে পঢ়ক: Beneficiary remarks on artists: শিল্পী-সাহিত্যিকৰ প্ৰতি চৰকাৰে পুতৌ দেখুওৱাৰ কোনো প্ৰয়োজন নাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.