প্ৰথমবাৰৰ বাবে অসমীয়াত অনুবাদ ইছলামিক ধৰ্মগ্ৰন্থ বুখাৰি
Published: Nov 20, 2023, 11:27 AM
নগাঁও, 20 নৱেম্বৰ : প্ৰথমবাৰৰ বাবে অসমীয়াত প্ৰকাশ পালে ইছলামিক ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কোৰাণ শ্বৰীফৰ পিচতেই স্থান লাভ কৰা দ্বিতীয় পবিত্ৰ গ্ৰন্থ “বুখাৰী শ্বৰীফ” । বুখাৰি শ্বৰীফৰ 1 ম খণ্ডৰ “অসমীয়া বুখাৰী শ্বৰীফ" নামেৰে দেওবাৰে নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী তোদী স্মৃতি ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় ।
অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আহমদ আনফৰৰ সভাপতিত্ব অনুষ্ঠিত এই উন্মোচনী অনুষ্ঠানত সদৌ অসম চৰকাৰী কাজি সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় হিলাল সমিতিৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাছিমিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।
উক্ত অনুষ্ঠানত জাতি, বর্ণ, ধর্ম, নিৰ্বিশেষে অসমৰ কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ আৰু ধৰ্মগুৰুসকল উপস্থিত থাকে । মৌলানা মুজাহিদুল ইছলামে অসমীয়াত অনুবাদ কৰে বুখাৰি শ্বৰীফ প্ৰথম খণ্ডটো ।
লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম হ’ল জিৰাফৰ পোৱালী