Govt order to relocate RNB civil hospital: মেডিকেল কলেজত উন্নত মানৰ সকলো সা সুবিধা পাব: প্ৰমোদ বড়ো

By

Published : Jan 20, 2023, 3:35 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

কোকৰাঝাৰ চহৰৰ মাজমজিয়াত থকা ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ক কোকৰাঝাৰ মেডিকেল কলেজলৈ স্থানান্তৰিত(Govt order to relocate RNB civil hospital) কৰাৰ নিৰ্দেশক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এই সন্দৰ্ভত নিজ মন্তব্য প্ৰকাশ কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে(BTR Chief Promad Boro Reaction) ৷

শুকুৰবাৰে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ক স্থানান্তৰ কৰাৰ বিষয়টোক লৈ সাংবাদিকে সোধা প্ৰশ্নোত্তৰত প্ৰমোদ বড়োৱে কয় যে, কোকৰাঝাৰ মেডিকেল কলেজ(Medical College in Kokrajhar) আৰু কোকৰাঝাৰ চহৰৰ মাজৰ দূৰত্ব বেছি নহয় ৷ মেডিকেল কলেজত উন্নত মানৰ সকলো সা সুবিধাই পাব ৷ কোকৰাঝাৰ চহৰৰ ৰাইজৰো যাতে জৰুৰীকালীন কোনো অসুবিধা নহয় তাৰ বাবে আৰ এন বি অসামৰিক হাস্পতালৰ চৌহদতে ব্যৱস্থা কৰা হ’ব ৷ ইয়াৰ বাবে আলোচনা কৰি থকা হৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে চহৰবাসী ৰাইজৰ যাতে কোনো অসুবিধা নহয় তেনেকুৱা এটা ব্যৱস্থা ইয়াত কৰা হ’ ব ৷

তেওঁ লগতে কয় যে, কোকৰাঝাৰ মেডিকেল কলেজৰ শ্ৰেণী তাৎক্ষণিকভাৱে আৰম্ভ কৰাটো অত্যন্ত জৰুৰী ৷ কাৰণ মেডিকেল কলেজ আৰম্ভ হ’লে গোটেই অঞ্চলৰ ৰাইজে ইয়াৰ সুবিধা পাব ৷ মেডিকেলৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত পঢ়াৰ সুবিধা পোৱাৰ উপৰিও ৰোগীয়ে সকলো সুবিধাই ইয়াত পাব ৷ যাৰবাবে মেডিকেল কলেজখন প্ৰথমে আৰম্ভ হওক আৰু কোকৰাঝাৰ আৰ এন বি হাস্পতালো(RNB Civil Hospital, Kokrajhar) ইয়াত থাকি যাব ৷ ইয়াত কোনো অসুবিধা নাই বুলি কয় বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷

উল্লেখ্য যে, ৰাজ্যৰ স্বাস্থ্য বিভাগে কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ক কোকৰাঝাৰ মেডিকেল কলেজলৈ স্থানান্তৰ নিৰ্দেশ (Govt order to relocate RNB civil hospital) দিছিল ৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙে বিটিআৰৰ মুখ্য সচিব আৰু জিলা উপায়ুক্তলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰিছিল ৷

এই অনুসৰি অহা ৩১ জানুৱাৰীৰ পৰা কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত উপলব্ধ হোৱা সকলো সেৱা মেডিকেল কলেজত উপলব্ধ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে । স্থানান্তৰকৰণ নিৰ্দেশ বাহিৰ হোৱাৰ পিচতেই কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে(Rupnath Brahma Civil Hospital in Kokrajhar) ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.