Withdrawal of Assamese medium: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া মাধ্যম প্ৰত্যাহাৰ; প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া

By

Published : Jun 30, 2023, 2:42 PM IST

thumbnail

বৰপেটা, 30 জুন : মাতৃভাষাৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নাই ৷ এই মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ৷ বাক্সাৰ বেন্নীবাৰীৰ বড়োলেণ্ড গেষ্ট হাউচত শুকুৰবাৰে এই মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷  

বেন্নীবাৰীত অনুষ্ঠিত সমাজ কল্যাণ বিভাগৰ এক অনুষ্ঠানত অংশ লৈ প্ৰমোদ বড়োৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া মাধ্যম বিষয়ক বিতৰ্কক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ কয় যে, বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া মাধ্যমক লৈ অনৰ্থক বিতৰ্কৰ সৃষ্টি হৈছে ৷ তেনেকুৱা তেওঁলোকে কৰিব নোৱাৰে ৷ বিশ্ববিদ্যালয়বোৰে এনেই কিছুমান নিজে নিজে চিন্তা কৰে বুলি মন্তব্য কৰে তেওঁ৷ মাতৃভাষাৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নাই বুলি কৈ তেওঁ কয় যে, অসমত যদি বড়ো আৰু অসমীয়া ভাষাত লিখা-পঢ়া পঢ়িব নোৱাৰে কেন্তে ক'ত লিখা-পঢ়া কৰিব ৷

বিশেষত্ব আনিবৰ বাবে যদি কিবা বিশেষ পদক্ষেপ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ল’ব বিচাৰে তেন্তে তেওঁলোকৰ সৈতে মই কথা পাতিম বুলি কয় প্ৰমোদ বড়োৱে ৷ তেওঁলোকে যদি ইংৰাজী বিষয়ত অধিক গুৰুত্ব দিব বিচাৰিছে ইয়াৰ বাবে বেলেগ পদক্ষেপ ল’ব পাৰে ৷ কিন্তু এনেধৰণৰ কথা তেওঁলোকে ছাত্ৰ-ছাত্ৰীক ক’ব নালাগে ৷ এই বিষয়ে মই কথা পাতিম বুলি কয় বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷

লগতে পঢ়ক: CM meets Nirmala Sitharaman: কেন্দ্ৰীয় বিত্তমন্ত্ৰীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ;অসমলৈ বিত্ত মন্ত্ৰালয়ৰ উদাৰ সহায়ৰ শলাগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.