Pramod Boro : বাক্সা জিলাতে বাহাল থাকিব সূৱণখাটা আৰু জোপাদং অঞ্চল : প্ৰমোদ বড়ো

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 4:44 PM IST

thumbnail

বাক্সা, 14 অক্টোবৰ : নৱগঠিত তামুলপুৰ জিলাত চামিল হোৱা বাক্সা জিলাৰ সূৱণখাটা আৰু জোপাদং অঞ্চল বাক্সা জিলাতে বাহাল থাকিব ৷ শনিবাৰে ভাৰত- ভূটান সীমান্তৰ সূৱণখাটাত বিটিচি প্ৰধান প্ৰমোদ বড়ো উপস্থিত হৈ সূৱণখাটা আৰু জোপাদং নাগৰিক সচেতন মঞ্চৰ সৈতে মিলিত হৈ বৃহত্তৰ অঞ্চলটো পূৰ্ৱৰ বাক্সা জিলাতে বাহাল থাকিব বুলি জানিবলৈ দিয়ে ৷ এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বৰ সৈতে আলোচনা কৰি এখন জাননী জাৰি কৰিব বুলিও প্ৰমোদ বড়োৱে জানিবলৈ দিয়ে ৷  

উল্লেখ্য যে সমষ্টি পুনৰ গঠনৰ জৰিয়তে বাক্সা জিলাৰ বৃহত্তৰ সূৱণখাটা অঞ্চলটো তামুলপুৰ জিলাত অন্তৰ্ভূক্ত কৰাৰ পাচতে স্থানীয় ৰাইজে প্ৰতিবাদ জনাইছিল ৷ প্ৰতিবাদ, ধৰ্ণাৰে সমগ্ৰ অঞ্চলটো উত্তাল কৰি তুলিছিল ৰাইজে ৷ ইয়াৰ পাছতে শনিবাৰে বৃহত্তৰ সূৱণখাটা আৰু জোপাদং অঞ্চলৰ ৰাইজৰ সৈতে আলোচনাত মিলিত হয় প্ৰমোদ বড়ো ৷ সভাত সূৱণখাটা আৰু জোপাদং নাগৰিক সচেতন মঞ্চৰ বিষয়ববীয়াৰ লগতে বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো উপস্থিত আছিল ৷ 

লগতে পঢ়ক : 35th Morigaon district day:মৰিগাঁও জিলা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.