Erosion of Dhansiri River: বোকাখাত নগৰলৈ অশনি সংকেত কঢ়িয়াই চপৰা চপৰে খহিছে ধনশিৰিৰ গৰা

By

Published : Nov 5, 2022, 2:12 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

বোকাখাত নগৰলৈ অশনি সংকেত কঢ়িয়াই চপৰা চপৰে খহিছে ধনশিৰিৰ গৰা (Erosion of Dhansiri River)। একেদিনাই প্ৰায় দুই শতাধিক জিঅ’বেগ জাহ গ'ল ধনশিৰি মুখৰ মথাউৰিত (Geobag at Dhansiri embankment)। খৰালি নদীত পানীৰ জলস্তৰ নিম্নগামী হোৱাৰ সময়তে আৰম্ভ হোৱা খহনীয়াই তীব্ৰ ভাবুকি আনিছে ধনশিৰি মুখৰ নতুন মথাউৰিটোলৈ (Dhansiri river embankment)। ইফালে এই পৰ্যন্ত বোকাখাত জলসম্পদ বিভাগৰ কোনো বিষয়া কৰ্মচাৰী খহনীয়াৰ স্থানত উপস্থিত নোহোৱাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ । ধনশিৰিমুখ-গমিৰি ফেৰীঘাটৰ নিচেই কাষতে এনেদৰে শ শ জিঅ’ বেগ নদীত জাহ গৈ ব্যাপক খহনীয়া অব্যাহত থকাত অসুবিধাৰ সৃষ্টি হৈছে ফেৰী ঘাটটোতো ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.