দুলীয়াজানৰ ৰে'ল লাইনৰ কাষত দুটা অচিনাক্ত মৃতদেহ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 6:33 PM IST

thumbnail

মৰাণ, ১৬ জানুৱাৰী: মাঘ বিহুৰ আনন্দ-উল্লাসৰ মাজতেই দুলীয়াজানত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ এল পি জি প্লাণ্টৰ সমীপৰ ৰে'ল লাইনৰ কাষত আজি দুটাকৈ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহ দুটা ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰে ৰে'লৱে আৰক্ষীয়ে । এই পৰ্যন্ত আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহ দুটা চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই ।

ইফালে, আৰক্ষীয়ে মৃতদেহৰ কাষৰ পৰা এখন চাইকেল উদ্ধাৰ কৰে । ৰে'লৰ খুন্দাত লোকদুজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । ইতিমধ্যে ৰে'লৱে আৰক্ষী আৰু দুলীয়াজান আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে । বিহুৰ আনন্দৰ মাজতে মাঘৰ পহিলা দিনটোত তৈল নগৰী দুলীয়াজানত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:পুৰণি বিবাদক কেন্দ্ৰ কৰি এক চাঞ্চল্যকৰ হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.