ETV Bharat / state

পুৰণি বিবাদক কেন্দ্ৰ কৰি এক চাঞ্চল্যকৰ হত্যাকাণ্ড

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 4:04 PM IST

sensational murder seeking due money at cachar dholai jamalpur
চাঞ্চল্যকৰ হত্যাকাণ্ড

Sensational murder: কাছাৰৰ ধলাই জামালপুৰত পুৰণি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হ’ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷

চাঞ্চল্যকৰ হত্যাকাণ্ড

শিলচৰ, 16 জানুৱাৰী : এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পাবলগীয়া ধনৰ বাবেই দলবদ্ধ আক্ৰমণ কৰি হত্যা কৰা হ’ল এজনক ৷ এই হত্যাকাণ্ড সংঘটিত হৈছে কাছাৰৰ ধলাই জামালপুৰত ৷ দলবদ্ধ আক্ৰমণত মৃত্যু হৈছে বাবু লস্কৰ নামৰ ২৭ বছৰীয়া এজন যুবকৰ ।

জানিব পৰা মতে, উক্ত অঞ্চলৰ চাকিব হুছেইন আৰু আনোৱাৰ হুছেইনৰ মাজত পাবলগীয়া টকাক লৈ দীৰ্ঘদিনৰ পৰা বিবাদ চলি আহিছিল । চাকিবৰ পৰা ১০ হাজাৰ টকা পাবলগীয়া আছিল আনোৱাৰৰ । এই টকাৰ বাবেই দীৰ্ঘদিনৰ পৰা চাকিব আৰু আনোৱাৰৰ মাজত বিবাদ চলি আহিছিল আৰু যোৱা নিশা এই বিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰে ।

অভিযোগ অনুসৰি, নিশা চাকিবসহ তেওঁৰ দুই বন্ধু একলগে কৰবালৈ গৈ থকাৰ সময়ত আনোৱাৰ হুছেইনসহ তেওঁৰ ২০ জনীয়া এক বাহিনীয়ে হঠাৎ আক্ৰমণ চলাই তেওঁলোকৰ ওপৰত । হাতত চোকা অস্ত্ৰ লৈ চাকিব আৰু তেওঁৰ দুই বন্ধুক উপৰ্যুপৰি আক্ৰমণ কৰে আনোৱাৰ বাহিনীয়ে । দলবদ্ধ এই আক্ৰমণত চাকিবসহ তেওঁৰ এজন বন্ধুয়ে কোনোমতে প্ৰাণ ৰক্ষা কৰি সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয় যদিও ঘটনাস্থলীত গুৰুতৰভাৱে আহত হৈ অচেতন হৈ পৰে বাবু লস্কৰ নামৰ আন এজন বন্ধু । পিছে ঘটনা সংঘটিত কৰি সেই স্থানৰ পৰা পলায়ন কৰে আনোৱাৰ বাহিনীয়ে ৷ ঘটনাৰ পাচত স্থানীয় লোকসকলে বাবু লস্কৰক গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰি স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷

আনহাতে মৃত্যুৰ খবৰ পোৱাৰ লগে জামালপুৰ অঞ্চলৰ লোকসকল উত্তেজিত হৈ উঠে । হত্যাকাৰী আনোৱাৰ হুছেইনৰ বাসগৃহত উপস্থিত হৈ ক্ষোভিত লোকসকলে বস্তু ভাঙিবলৈ আৰম্ভ কৰে । উত্তেজিত লোকে আক্ৰমণ চলাই হত্যাকাৰী আনোৱাৰৰ এখন বাহনসহ বাসগৃহ ভাঙি চুৰমাৰ কৰে । ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষীসহ চিআৰপিএফ বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ইতিমধ্যে হত্যাকাৰী আনোৱাৰ হুছেইনৰ পৰিয়ালৰ দুই মহিলাক আৰক্ষীয়ে আটক কৰিছে । কিন্তু এতিয়াও পলাতক হৈ আছে মূল অভিযুক্ত আনোৱাৰ হুছেইন । ঘটনাক কেন্দ্ৰ কৰি এতিয়াও চেপা উত্তেজনা বিৰাজ কৰিছে জামালপুৰ অঞ্চলত ।

লগতে পঢ়ক : ভোগালীৰ আনন্দৰ মাজতে সাপেখাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.