JMCH doctors donated Blood: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে কনিষ্ঠ চিকিৎসকৰ ৰক্তদান

By

Published : Feb 2, 2023, 2:08 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

যোৰহাট, 2 ফেব্ৰুৱাৰী: বুধাবাৰে আছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপজা দিন ৷ মুখ্যমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষ্যে ৰাজ্যত ভিন্ন প্ৰান্তত তেখেতৰ জন্মদিন উদযাপন কৰা পৰিলক্ষিত হৈছে । ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰৰ দিনটোতে যোৰহাটত জন্ম গ্ৰহণ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma Turns 54 Today) ।  

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিনটো ব্যতিক্ৰমী ৰূপত উদযাপন কৰা দেখা গ’ল (Jorhat Medical College and Hospital) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫৪ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হাস্পতালৰ কনিষ্ঠ চিকিৎসক সন্থাই বুধবাৰে এক ৰক্তদান শিবিৰৰ আয়োজন কৰে (JMCH doctors donated Blood) ।  

এই ৰক্তদান শিবিৰত মহাবিদ্যালয়খনৰ চিকিৎসকৰ লগতে কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰাৰ লগতে প্ৰত্যেকগৰাকী চিকিৎসকে ৰক্তদান কৰে ৷ এই ৰক্তদান কাৰ্যসূচীক সকলোৱে আৰ্দশ হিচাপে গ্ৰহণ কৰি এনেদৰে সকলোকে ৰক্ত দান শিবিৰ অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই কনিষ্ঠ চিকিৎসকসকলে (Blood donation by JMCH junior doctors) ।

আনহাতে যোৰহাটৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয় (Chief Minister Himanta Biswa Sharma birthday)। উল্লেখযোগ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে মৰিয়নিতো ভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় জন্মদিন ৷

হিমন্ত বিশ্ব শৰ্মা অসম বিধানসভাৰ জালুকবাৰী সমষ্টিৰ পৰা পাঁচবাৰকৈ- ২০০১, ২০০৬ আৰু ২০১১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰু ২০১৬ আৰু ২০২১ চনত ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে । ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্বৰ সদস্য, শৰ্মাই ২০১৫ চনৰ আগষ্ট মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।

পৰৱৰ্তী সময়ত শৰ্মাই ২৪ মে' ২০১৬ ত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ ৰাজনৈতিক দক্ষতাৰ স্বীকৃতি হিচাপে বিজেপি নেতৃত্বয়ে তেওঁক নৱ গঠিত উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চাৰ আহ্বায়ক ৰূপে নিযুক্তি দিয়ে । ২০২১ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয় । 

লগতে পঢ়ক: Assam CM Himanta Biswa Sarma Birthday: নগাঁৱত শিশু আৰু নাৰী গৃহত মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.