ETV Bharat / state

Assam CM Himanta Biswa Sarma Birthday: নগাঁৱত শিশু আৰু নাৰী গৃহত মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন

author img

By

Published : Feb 1, 2023, 9:51 PM IST

নগাঁৱৰ শিশু আৰু নাৰী গৃহত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন । অনাথ শিশুৱে কেক কাটি উদযাপন কৰিলে মুখ্যমন্ত্ৰীৰ জন্মদিন(Assam CM Himanta Biswa Sarma Birthday ) ।

Assam CM Himanta Biswa Sarma Birthday
নগাঁৱত অনাথ শিশুৱে কেক কাটি উদযাপন কৰিলে মুখ্যমন্ত্ৰীৰ জন্মদিন

নগাঁৱত অনাথ শিশুৱে কেক কাটি উদযাপন কৰিলে মুখ্যমন্ত্ৰীৰ জন্মদিন

নগাঁও, ১ ফেব্ৰুৱাৰী: বুধবাৰে ৫৪ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma Birthday) ৷ ৰাজনীতিৰ চাণক্য হিচাপে পৰিচিত ড৹ শৰ্মাৰ বিশেষ দিনটো ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হ’ল ভিন্ন ধৰণেৰে ৷ একেদৰে নগাঁৱতো উদযাপন কৰা হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন(Himanta Biswa Sarma Birthday celebrats at Nagaon ) । কিন্তু নগাঁৱত কিছু ব্যতিক্ৰম । ৰাজকীয়ভাৱে মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপনৰ বিপৰীতে নগাঁৱত জিলা বিজেপিয়ে বিশেষভাৱে উদযাপন কৰিলে মুখ্যমন্ত্ৰীৰ জন্মদিন । নগাঁৱৰ শিশু আৰু নাৰী গৃহত উদযাপন কৰা হয় হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন ।

নগাঁও জিলা বিজেপিৰ উদ্যোগত নগাঁৱৰ শিশু আৰু নাৰী গৃহত কেক কাটি মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন কৰে নাৰী আৰু শিশু গৃহত থকা অনাথ শিশুসকলে । নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথৰ প্ৰচেষ্টাত নগাঁও নাৰী আৰু শিশু গৃহত কেক কাটি মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন কৰা হয় । মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন কৰি মুখ্যমন্ত্ৰীগৰাকীৰ দীৰ্ঘায়ু কামনা কৰে অনাথ শিশু আৰু নাৰী গৃহত থকা মহিলাসকলে । মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে জিলা বিজেপিৰ ফালৰ পৰা অনাথ শিশুসকলৰ মাজত বিতৰণ কৰা হয় মিঠাই আৰু কেক ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো শ্ৰেণীৰ লোককে সমদৃষ্টিৰে চোৱা বাবেই অনাথ শিশুসকলক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপন কৰা বুলি উল্লেখ কৰে নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথে । অনাথ শিশুসকলক লৈ মুখ্যমন্ত্ৰীৰ জন্মদিন উদযাপন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰে নগাঁও জিলা বিজেপি সভাপতি অভিজিত নাথ । তেওঁ অসমক দেশৰ আগশাৰীৰ পাঁচখন ৰাজ্যৰ ভিতৰত প্ৰতিষ্ঠা কৰাৰ যি সপোন সেই সপোন শীঘ্ৰেই সাৰ্থক হয় সেয়া কামনা কৰে ৷

উল্লেখ্য যে, ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত যোৰহাটত জন্মগ্ৰহণ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma Turns 54 Today) । ২০০১ চনত পোন প্ৰথমবাৰৰ বাবে জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ অহাৰ পিছৰে পৰা অসমৰ ৰাজনীতিৰ এগৰাকী চাণক্য ৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ তেখেতৰ দিছপুৰৰ বাসভৱনত মাজনিশা পৰাই অজস্ৰ অনুৰাগীয়ে ভিৰ কৰা পৰিলক্ষিত হয় ৷ ইফালে ছ’চিয়েল মিডিয়াতো শুভেচ্ছা বাণীৰে উপচাই পেলায় বিভিন্নজনে ৷

লগতে পঢ়ক: Himanta Biswa Sarma Birthday: কলিয়াবৰৰ বিবাহস্থলীত কেক্ কাটি জন্মদিন উদযাপন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.