Loksabha election 2024 : বিটিচিত প্ৰমোদ বড়োৰ নেতৃত্বত চলিছে হিটলাৰী শাসন; হাগ্ৰামা মহিলাৰী

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 10:07 AM IST

thumbnail

ওদালগুৰি, 10 অক্টোবৰ: প্ৰমোদ বড়ো হাটাও, বিটিচি বচাও শ্ল’গানেৰে বিপিএফ দলে বজাইছে নিৰ্বাচনী ৰণডংকা ৷ ওদালগুৰি জিলাৰ পুৰণি ভেৰগাঁৱত মঙলবাৰে ভেৰগাঁও ব্লক বিপিএফৰ উদ্যোগত অনুষ্ঠিত কৰা যোগদান কাৰ্যসূচী ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ বিজেপি-ইউপিপিএলৰ প্ৰায় 13 শ নেতা-কৰ্মীয়ে দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ 

ফুলাম গামোছাৰে সদস্যসকলক আদৰণি জনাই প্ৰাক্তন বিটিচি প্ৰধানজনে কয় প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল-বিজেপি মিত্ৰজোঁটৰ বিটিচি পৰিষদীয় চৰকাৰখনে জনসাধাৰণৰ স্বাৰ্থত কাম কৰাত ব্যৰ্থ হোৱাৰ উপৰি দলীয় নেতা-কৰ্মীসকলৰ প্ৰতি সহানুভূতিহীন নোহোৱাৰ পৰিপ্ৰেক্ষিতত দলটোৰ নেতা-কৰ্মীসকলৰ দলটোৰ প্ৰতি মোহ ভংগ ঘটিছে ৷ দিছপুৰ ৰাজনীতি সন্দৰ্ভত হাগ্ৰামা অৱগত নহয় বুলি উল্লেখ কৰাৰ লগতে অশোক সিংহল কোন আৰু সিংহলক কেতিয়াও হাগ্ৰামাই দেখাও পোৱা নাই বুলি জনায় ৷

সমাগত লোকসভা নিৰ্বাচনত বিটিচিৰ দুয়োটা লোকসভা সমষ্টিত বিপিএফ দলে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনায় ৷ যোগদান কাৰ্যসূচীত দলটোৰ বলিষ্ঠ নেতা ক্ৰমে ৰিঞ্জয় বড়ো, নেৰশ্বন বড়ো আদি উপস্থিত থাকে ৷

লগতে পঢ়ক : AMCH: অসম চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেচিয়েলিটি ভৱনৰ খহি পৰিল চিলিং, আঘাতপ্ৰাপ্ত নাৰ্চ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.